07/14/2019 - 20:31
in
গুৱাহাটীঃ দেওবাৰে নেমকেয়াৰ হস্পিতালৰ প্ৰেক্ষাগৃহত এক সংবাদ মেল অনুষ্ঠিত হয়৷ এই অনুষ্ঠানৰ যোগেদি বায়ু প্ৰদূষণৰ কুপ্ৰভাৱৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয়৷ উত্তৰ-পূৱ ভাৰতৰ বাসিন্দাসকলে নিৰ্মল পৰিৱেশৰ বাবে গৌৰৱ কৰে৷ কিন্তু এতিয়া উত্তৰ-পূৱ ভাৰততো বায়ু প্ৰদূষণ হৈছে৷
বিশ্ব স্বাস্থ্য সংস্থাৰ এক সমীক্ষা অনুযায়ী বায়ু প্ৰদূষণে এতিয়া ৭ নিযুত লোকৰ প্ৰাণনাশ কৰে৷ প্ৰদূষিত বায়ুসেৱনৰ ফলত আমাৰ হাওঁফাওঁৰ লগতে শৰীৰৰ অন্যান্য অংগবোৰতো ক্ষতি সাধন হয়৷ এনেধৰণৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় সংবাদমেলখনত৷