প্ৰতিবিম্ব লাইভৰ বাতৰিত গা লৰিল জন প্ৰতিনিধিৰঃ বান পীড়িতৰ কাষত উপস্থিত হ’ল বিধায়ক কাছেমী

 07/14/2019 - 20:42

বিলাসীপাৰাঃ ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও অপৰিবৰ্তিত হৈ আছে। শদিয়াৰ পৰা ধুবুৰী লৈকে ব্ৰহ্মপুত্ৰ আৰু নৈ-উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। যাৰ পৰিপ্ৰেক্ষিতত পানীৰ তলত হাবু-ডুবু খাবলগীয়া হৈছে বান পীড়িত ৰাইজ। ইমানৰ পিছতো বান পীড়িতৰ কাষত থিয় হ’বলৈ কাৰো যেন আহৰি নাই।এই বেলি বলিয়া বানত বিলাসীপাৰা ৰাজহ চক্ৰৰ কাজাইকাটা ছুৱাপাতা, নায়েৰ আলগা, মায়াৰ চৰ, বয়জেৰ আলগা, শগুন মাৰী, ডুবাচুৰী, গুটি পাৰা আৰু কাজাইকাটা গাঁও পঞ্চায়তৰ ৮০শতাংশ গাঁও পানীৰ তলত ডুব গৈছে। ইতিমধ্যে মায়াৰচৰ পঞ্চায়তৰ বাকপাৰা গাঁৱৰ কেইবাটাও পৰিয়ালৰ গৃহ ব্ৰহ্মপুত্ৰ নৈত যাহ গৈছে।

ব্ৰহ্মপুত্ৰৰ খহনীয়াত গৃহহীন হৈ পৰিয়ালে আশ্ৰয় ল’বলৈ অজ্ঞাত ঠাইলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। ইফালে কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ ছুৱাপাতা তৃতীয় খণ্ড গাঁৱৰ বানত গৃহহীন হোৱা পৰিয়ালৰ চৰকাৰ তথা জন প্ৰতিনিধিয়ে কোনো খা-খবৰ নোলোৱাত প্ৰতিবিম্ব লাইভে শনিবাৰে বাতৰি সম্প্ৰচাৰ কৰাত চৰকাৰ তথা জন প্ৰতিনিধিৰ গা লৰা পৰিলক্ষিত হৈছে।

বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াই কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ সভাপতি হৰমুজ আলীক ততালিকে মাতি লৈ ক্ষতিগ্ৰস্ত বান পীড়িতৰ মাজত বিতৰণ কৰাৰ বাবে চাউল-দাইলসহ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাতৰি পোৱা গৈছে। মনকৰিবলগীয়া যে প্ৰতিবিম্ব লাইভৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমীয়ে আজি বানাক্তান্ত অঞ্চলত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।