মাৰ্ঘেৰিটাৰ বিভিন্ন চৰকাৰী আচঁনি বিধায়ক ভাস্কৰ শৰ্মাৰ দ্বাৰা উদ্বোধন

 07/14/2019 - 20:48

মাৰ্ঘেৰিটাঃ আজি ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই চতুদৰ্শ বিত্তীয় আয়োগৰ দ্বাৰা আৱন্তিত ৫ লক্ষ টকা পুঁজিৰে নিৰ্মাণৰ যোজা চলোৱা মাৰ্ঘেৰিটা উন্নয়ণ খণ্ডৰ অন্তৰ্গত শামুকজান গাঁও পঞ্চায়তৰ এক্তিয়াৰধীন লিডু কেন্দ্ৰীয় ৰঙ্গমঞ্চ সংলগ্ন সামূহিক কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে। মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানত পঞ্চায়তখনৰ সভানেত্ৰী অনীলা ফুকন লিডু শাখা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভানেত্ৰী দিপালী বৰপুজাৰী সিনহা, ৰাণাজ্যোতি নেওগ, সোমেশ্বৰ নেওগ , লোকনাথ কোঁৱৰ, নোমল গগৈ, ৭নং ৱাৰ্ড সদস্যা পৃৰ্ণিমা নেওগ ভীম কৰ্মকাৰ , ভৱেশ দত্ত আদিকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই আনুষ্ঠানতে লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ হৈ বিধায়ক শৰ্মাক সাধাৰণ সম্পাদক তপন দেই এটি স্মাৰকৰে সম্বৰ্ধনা জনায়।

অন্যহাতে আজিৰ দিনটোতে বিধায়ক শৰ্মাই চতুদৰ্শ বিত্তীয় আয়োগৰ দ্বাৰা আৱন্তিত ৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰিবলগীয়া জাগুন গোৰ্খা শিৱ মন্দিৰ প্ৰেক্ষাগৃহ, ৮ লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া জাগুন হনুমান মন্দিৰলৈকে নামঘৰ পথ, ৫ লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৰামপুৰ পাছমাইল পুঁথিভৰাল, জাগুন বজাৰৰ পকী কংক্ৰিট পথ , তিনিলক্ষাধিক টকাৰে নিৰ্মাণ কৰিবলগীয়া হাচাক পাচ আলিৰ পকী নলা, ৬ লাখ ৫০ হাজাৰ টকাৰে নিৰ্মাণ হ’বলগীয়া কুমচাই তিনি আলিৰ পৰা ডিম্ব চেতিয়া তিনি আলি লৈকে পকী পথ আদি কেইবাখনো পঞ্চায়তত ৰূপায়ণ হ'বলগীয়া আচঁনিৰ কাম শুভাৰম্ভ কৰে । প্ৰতিটো অনুষ্ঠানতে সুখদেৱ শৰ্মা, ভীম কৰ্মকাৰ, ভৱেশ দত্ত, মুনমী গগৈ আদিয়ে সংগ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।