গুৱাহাটীঃ সমগ্ৰ বিশ্বতে ১০০ কোটিতকৈও অধিক লোক চিকিৎসা সেৱাৰ পৰা বঞ্চিত৷ উপযুক্ত চিকিৎসা সেৱা ব্যৱস্থা এটাৰ জৰিয়তে নিৰোগী আৰু সবল এখন আৰু এখন অৰ্থনৈতিকভাৱে সমৃদ্ধিশালী দেশ গঢ়াৰ লক্ষ্য আগত ৰাখি ২০১৭ বৰ্ষৰ আগষ্ট মাহত উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী চিকিৎসা প্ৰতিষ্ঠান জিএনআৰচিয়ে ব্যয়সাধ্য স্বাস্থ্য অভিযানৰ সূচনা কৰিছিল৷
এই অভিযানৰ অন্তৰ্গত ‘স্বাস্থ্য মিত্ৰ ৰূপে দায়িত্ব পালন কৰি ২৫০০ ৰো অধিক ব্যক্তিয়ে অসমৰ চুকে কোণে ১কোটিতকৈও অধিক লোকৰ জীৱন স্পৰ্শ কৰিছে৷ প্ৰায় ১৪০০ স্বাস্থ্য মিত্ৰৰ উপস্থিতিত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত প্ৰথম স্বাস্থ্য মিত্ৰ এক্সিলেন্স এৱাৰ্ড সম্পন্ন হয়৷ব্যয়সাধ্য স্বাস্থ্য অভিযানক সফল কৰি তোলাত গুৰত্বপূৰ্ণ ভূমিকা লোৱা ৮১ গৰাকী স্বাস্থ্য মিত্ৰক আজিৰ এই অনুষ্ঠানত বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে অভিনেতা দীনেশ দাস, মলয়া গোস্বামীয়ে।