বিশিষ্ট ঔপন্যাসিকা পূৰবী বৰমুদৈৰ দেহাৱসান

 07/15/2019 - 12:23

ডিজিটেল ডেস্কঃ সাহিত্য জগতৰ বাবে এক দুখবৰ। বিশিষ্ট ঔপন্যাসিকা পূৰবী বৰমুদৈয়ে সোমবাৰে পুৱা ৬ বজাত ইহলীলা সম্বৰণ কৰে।গুৱাহাটীস্থিত জি এন আৰ চিত জীৱন নাট সামৰিলে সাহ্যিতিক গৰাকীয়ে। দীৰ্ঘদিন ধৰি যকৃতকে ধৰি অন্যান্য ৰোগত আক্ৰান্ত হৈ থকা বৰমুদৈক ২ জুলাইত ভৰ্তি কৰোৱা হৈছিল জি এন আৰ চি চিকিৎসালয়ত। কলমটোতে জীৱন বিচাৰি পোৱা বৰমুদৈয়ে অসুস্থ অৱস্থাত হুইল চেয়াৰতে বহি লেখা-মেলা কৰি আছিল। তেখেতৰ সৃষ্টি সমূহ হৈছে- গজৰাজ প্ৰেম আৰু বন্দীত্ব, ৰুপোৱালী নৈ সোণোৱালী ঘাট, শান্তুনুকুলনন্দন, বাঘশাল, বাঘজাল আৰু মানুহ।

সাহিত্য চৰ্চাৰে সাহিত্য অকাডেমী পুৰষ্কাৰৰ লগতে তেওঁ লাভ কৰিছিল অসম সাহিত্য সভাত বাসন্তী বৰদলেৈ বঁটা, ছগনলাল জৈন বঁটা, ২০০৬ চনত অসম লেখিকা সমাৰোহ সমিতিৰ লেখিকা বঁটা। প্ৰবীণা শইকীয়া বঁটা আৰু ২০১২ চনত অসম উপত্যাকা সাহিত্য বঁটা। পূৰবী বৰমুদৈৰ জন্ম হৈছিল ১৯৫০ চনৰ ৮ মে’ তাৰিখত তেজপুৰৰ দেউৰীগাঁৱত। ৬৯ বছৰ বয়সত সকলোকে শোক সাগৰত পেলাই গুচি গ’ল প্ৰসিদ্ধ সাহিত্যিকগৰাকী। পূৰৱী বৰমুদৈৰ দেহাৱসান অসমীয়া সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি। পূৰবী বৰমুদৈৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সাহিত্যজগতৰ লগতে সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।