জাপানীজ এনকেফেলাইটিছত তিনিজন ব্যক্তিৰ মৃত্যু

 07/15/2019 - 12:35

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ নলবাৰী, দৰং, তেজপুৰত এজনকৈ লোকৰ মৃত্যু। নলবাৰীত JEত আক্ৰান্ত হৈ মৃত্যু এগৰাকী বৃদ্ধাৰ। মৃত বৃদ্ধাগৰাকী নলবাৰীৰ নান্নাগাঁৱৰ সৰলা কলিতা। ৩০ জুনত হাস্পতালত ভৰ্তি কৰাইছিল বৃদ্ধাগৰাকীক। চিকিৎসাধীন হৈ আছিল গুৱাহাটীৰ এখন হাস্পতালত।

দৰং জিলাত JEত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা ব্যক্তিজন ৭২ বছৰীয়া মৌজাদাৰ কমৰুজ জামান। ছিপাঝাৰৰ তুৰাই গাঁৱত ঘৰ মৃত জামানৰ। ২২ জুনৰ পৰা মহানগৰীৰ ৰহমান হাস্পতালত চিকিৎসাধীন হৈ আছিল লোকজন। ৰইনাকুচি মৌজাৰ মৌজাদাৰ আছিল কমৰুজ জামান। আনহাতে তেজপুৰৰ পাৰ্বতীনগৰৰ তৰুণ বৰা নামৰ ব্যক্তিজনে JEত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’লে। গুৱাহাটীত চিকিৎসাধীন হৈ আছিল লোকজন। মৃত বৰা ধেমাজিৰ DRDAত কৰ্মৰত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।