বাংলাদেশৰ এছিয়ান কুংফু উশ্বুত সোণ, ৰূপ, ব্ৰঞ্জৰ পদকেৰে অসম উজ্বলিল

 07/15/2019 - 13:01

নলবাৰীঃ বাংলাদেশৰ ঢাকাত যোৱা ১১ জুলাইৰ পৰা দেওবাৰলৈকে অনুষ্ঠিত হোৱা দ্বিতীয় এছিয়ান কুংফু উশ্বু প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ খেলা অসমৰ খেলুৱৈসকলে অনন্য ভাবে সাফল্য লাভ কৰিছে। উল্লেখ্য যে সোণ, ৰূপ, ব্ৰঞ্জৰ পদকেৰে অসমক উজ্বলালে খেলুৱৈসকলে।

অসম কুংফু সন্থাৰ সাধাৰণ সম্পাদক পংকজ কুমাৰ দাস আৰু বিষয়ববীয়া ধৰ্মেশ্বৰ হালৈয়ে জনোৱা মতে নন্দিনী মৰাণ, চুম্পী চুতীয়া, ৰিজু ৰাজ পাতৰে সোণৰ পদক, মনজ্যোতি সোণোৱাল,মনোজ শ্বাহে ৰূপৰ পদক, অজয় বিশ্বাস, চন্দন দাস আৰু বিনয় সুকাই দেউৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।