ৰাজ্যত পুনৰ নিৰ্যাতিত নাৰী

 03/24/2019 - 14:17

ডিজিটেল ডেস্কঃ প্ৰত্যেক দিনাই ৰাজ্যত সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা৷ এইবাৰ নিৰ্যাতনৰ বলি হ’ল গোৱালপাৰাৰ কৃষ্ণাইৰ বিদ্যাপাৰৰ এগৰাকী নৱবিবাহিতা মহিলা৷ মাত্ৰ ৮মাহৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা মহিলাগৰাকীক বিয়াৰ পিছতে অমানুষিক অত্যাচাৰ চলাইছিল স্বামী পৰিয়ালে৷

যোৱা শনিবাৰে মহিলাগৰাকীৰ পৰিয়ালে অভিযোগ কৰিছে যে নিশা হাত-ভৰি বান্ধি কেৰাচিন ঢালি জ্বলাই দিয়ে মহিলাগৰাকীক। বৰ্তমান সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী।

ইতিমধ্যে মহিলাগৰাকীৰ পৰিয়ালে স্বামী ছাহজাহান আলী আৰু জামাল আলীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।