ক্ৰিকেট বিশ্বৰ নতুন চেম্পিয়ন ইংলেণ্ড

 07/15/2019 - 14:41

ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ খিতাপ দখল ইংলেণ্ডৰ। প্ৰথমবাৰৰ বাবে ইংলেণ্ডে দখল কৰিলে ক্ৰিকেট বিশ্বকাপৰ খিতাপ। শ্বাসৰুদ্ধকাৰী ৰোমাঞ্চকৰ মেচ হিচাপে পৰিগণিত হ’ল বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ ফাইনেল মেচ। প্ৰথমে বেটিং কৰি ইংলেণ্ডৰ সন্মুখত নিউজিলেণ্ডে বান্ধি দিছিল ২৪২ ৰানৰ লক্ষ্য। নিউজিলেণ্ডে ৮ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ২৪১ ৰান। ইংলেণ্ডেও ২৪১ ৰান কৰাৰ ফলত ড্ৰ’ হয় ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ ফাইনেল। পাছত ছুপাৰ অভাৰৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয় খেলৰ ফলাফল। ছুপাৰ অভাৰৰ পাছত ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ ফাইনেলত জয়ী হয় ইংলেণ্ড।

ছুপাৰ অভাৰত ইংলেণ্ডৰ বাটলাৰ আৰু বেন ষ্ট্ৰ’কে কৰে বেটিং। ৬টা বলত ১৫ ৰান সংগ্ৰহ কৰে ইংলেণ্ডে। তাৰপাছত ১৬ ৰানৰ লক্ষ্যত উপনীত হ’বলৈ ক্ৰীজত নামে নিউজিলেণ্ডৰ বেটছমেন জে নিশ্বাম আৰু এম গুপ্টেয়ে। কিন্তু ইংলেণ্ডৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম নহয় নিউজিলেণ্ড। ইংলেণ্ডৰ বলাৰ এৰ’হাৰে কৰে ছুপাৰ অভাৰত বলিং।

বেন ষ্ট্ৰ’কে ৯৮ বলত ৮৪ ৰান কৰি ফাইনেল খেলখনৰ মেন অৱ দ্য মেচৰ খিতাপ লাভ কৰে।

উল্লেখযোগ্য যে ১৯৭৫ চনত আৰম্ভ হোৱা বিশ্বকাপ ক্ৰিকেটত তিনিবাৰ ফাইনেল খেলিও জয়ী হ’ব পৰা নাছিল ইংলেণ্ড। আনহাতে নিউজিলেণ্ডে ক্ৰমাগত দুবাৰকৈ ফাইনেল খেলিও ছুপাৰ অভাৰত এইবাৰৰ বিশ্বকাপত ৰাণাৰ্ছ-আপতে ক্ষান্ত থাকিবলগীয়া হ’ল কিৱি বাহিনী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।