বিশ্বকাপত কোন হ’ল 'প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’, কোনে পালে 'গল্ডেন বেট’ এৱাৰ্ড ?

 07/15/2019 - 15:03

ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ 'প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ৰ খিতাপ লাভ কৰে নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে। গোটেইকেইখন মেচত ৫৭৮ ৰান সংগ্ৰহ আৰু অধিনায়কসুলভ উৎকৃষ্ট মনোভাৱেৰে দলটোক নেতৃত্ব দিয়াৰ বাবে এই সন্মান আগবঢ়াইছে নিউজিলেণ্ডৰ অধিনায়কগৰাকীলৈ। কেনক এই পুৰস্কাৰ প্ৰদান কৰে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে।

আনহাতে বিশ্বকাপ ক্ৰিকেটৰ 'গল্ডেন বেট’ এৱাৰ্ড লাভ কৰে ভাৰতৰ বিস্ফোৰক অ’পেনাৰ বেটছমেন ৰোহিত শৰ্মাই। ৰোহিত শৰ্মা বিশ্বকাপ ক্ৰিকেট ২০১৯ত ৫ টা চেঞ্চুৰী কোবোৱা প্ৰথমজন বেটছমেন। বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টৰ ৯ খন মেচত সৰ্বাধিক ৬৪৮ ৰান কৰা ৰোহিতলৈ আগবঢ়োৱা হয় 'গল্ডেন বেট’ এৱাৰ্ড।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।