হাঁ‌হচৰাত বৰগীতৰ কৰ্মশালাৰ আয়োজন

 07/15/2019 - 15:24

নাজিৰাঃ শিৱসাগৰ জিলাৰ হাঁহচৰাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীখাটপাৰ সত্ৰত প্ৰথমবাৰৰ বাবে সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'সব্যসাচী কলাকেন্দ্ৰ’ আৰু 'শিৱসাগৰ জিলা সত্ৰ মহাসভাৰ’ যৌথ উদ্যোগত অহা ২১ জুলাইৰ পৰা ৩০ জুলাই ২০১৯ তাৰিখলৈ এখনি বৰগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে।

শিৱসাগৰ জিলাভিত্তিত আয়োজিত এই কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিব সৰ্বভাৰতীয় খ্যাতিসম্পন্ন সত্ৰীয়া শিল্পী, বৰগীতৰ গৱেষক তথা অসম চাৰু-কাৰু কলা মহাবিদ্যালয়, গুৱাহাটীৰ অধ্যাপক শ্ৰীযুত কৃষ্ণ গোস্বামী আৰু সহযোগী প্ৰশিক্ষকৰূপে থাকিব মাজুলীৰ নতুন চামগুৰি সত্ৰৰ সত্ৰীয়া শিল্পী শ্ৰীযুত অৰুণ বড়া।

সকলো বয়সৰ বাবে মুকলি থকা এই কৰ্মশালাখনিত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নামভৰ্তিৰ বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। নামভৰ্তিৰ বাবে সবিশেষ জানিবলৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে জ্যোতিষ্মান মহন্ত, সম্পাদক, সব্যসাচী কলাকেন্দ্ৰ (৭০০২০৪৬৬১১) , গৌতম কোঁচ, সম্পাদক, শিৱসাগৰ জিলা সত্ৰ মহাসভা(৯৮৫৪৮৫২০৫৭)।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।