ৰৰৈয়াত বাইক চুৰি কৰিবলৈ আৰক্ষীয়ে হাতে লুটে ধৰে চোৰক

 07/15/2019 - 15:42

তিতাবৰঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ড। দেওবাৰে ৰৰৈয়া আৰক্ষীয়ে ৰৰৈয়া সাপ্তাহিক বজাৰৰ সমীপত এখন বাইক চুৰি কৰিবলৈ লওঁতে হাতে লুটে ধৰে এটা কুখ্যাত বাইক চোৰক। তিতাবৰ ডফলাটিং বিল গাঁৱৰ এই চোৰটোক ৰৰৈয়া আৰক্ষীয়ে তিতাবৰ আৰক্ষীক গতাই দিয়ে। তিতাবৰ আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক পঞ্চানন গগৈৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অনুসন্ধান চলাই অমৰ শইকীয়া ওৰফে বাবু নামৰ এই বাইক চোৰটোৰ তিতাবৰৰ বিলগাঁওস্থিত গৃহৰ পৰা উদ্ধাৰ কৰে AS-03-K 2129 নম্বৰ এখন TVS Star Sport বাইক।

পূৰ্বেই কেইবাটাও চুৰি কাণ্ডৰ লগত জড়িত এই অমৰ শইকীয়া ওৰফে বাবু নামৰ বাইক চোৰটো। যোৰহাটৰ এটা ভাড়াঘৰত ভাড়াতীয়া হিচাবে আছিল অমৰ। উল্লেখযোগ্য যে প্ৰায় ছয় মাহ মানৰ আগতে যোৰহাটৰ ভোগদৈ দলঙৰ সমীপত এটা গুদামৰ পৰা AS-03-K 2129 নম্বৰ এখন TVS Star Sport বাইক চুৰি কৰি আনি তিতাবৰৰ বিলগাওঁস্থিত বাসগৃহত সুমুৱাই থৈছিল অমৰে। আৰক্ষীৰ জেৰাত মুখ খোলে চোৰটোৱে।

পূৰ্বেও তিতাবৰ আৰক্ষীৰ এনে অভিযানত উদ্ধাৰ হৈছে কেইবাখনো বাইক আৰু গ্ৰেপ্তাৰ হৈছে কেইবাটাও বাইক চোৰ। উল্লেখযোগ্য যে আজি কিছুদিনৰ আগত এজন বেংক কৰ্মচাৰীৰ চুৰি হোৱা ৰঙা ৰঙৰ হি'ৰ স্পেলেণ্ডাৰ বাইকখনো নিয়মীয়া তালাচী অভিযানত পথৰ দাঁতিত উদ্ধাৰ হৈছিল। সেই বাইকখন চুৰি কাণ্ডৰ লগতো এই চোৰটো জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।