ছুৱাপাতা তৃতীয় খণ্ড গাঁও পঞ্চায়ত সভাপতি হৰমুজ আলীৰ নেতৃত্বত বানাক্ৰান্তৰ মাজত চিৰা মুড়ী, মিঠাই, ফলমূল বিতৰণ

 07/15/2019 - 16:14

বিলাসীপাৰাঃ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি এতিয়া ক্ৰমাগত জটিল হৈ পৰিছে। শদিয়াৰ পৰা ধুবুৰী লৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমুহৰ জলপৃষ্ঠ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত বানপীড়িত ৰাইজে পানীৰ তলত হাবুডুবু খাবলগীয়া হৈছে। এনে অৱস্থাত বানপীড়িতৰ কাষত থিয় হল বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমী আৰু কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ সভাপতি হৰমুজ আলীয়ে,। এই বেলি বলিয়া বানত বিলাসীপাৰা ৰাজহ চক্ৰৰ কাজাইকাটা ছুৱাপাতা,নায়েৰ আলগা, মায়াৰ চৰ, বয়জেৰ আলগা,শগুন মাৰী,ডুবাচুৰী ,গুটি পাৰা,আৰু কাজাইকাটা গাঁও পঞ্চায়তৰ ৮০শতাংশ গাঁও পানীৰ তলত ডুব গৈছে।

ইতিমধ্যে মায়াৰচৰ পঞ্চায়তৰ বাকপাৰা গাঁৱৰ কেইবাটাও পৰিয়ালৰ গৃহ ব্ৰহ্মপুত্ৰ নৈত যাহ গৈছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াত গৃহহীন হৈ পৰিয়ালে আশ্ৰয় ল’বলৈ অজ্ঞাত ঠাই লৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। ইফালে কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ ছুৱাপাতা তৃতীয় খণ্ড গাঁৱৰ বানত গৃহহীন হোৱা পৰিয়ালৰ চৰকাৰ তথা জন প্ৰতিনিধিয়ে কোনো খা খবৰ নোলোৱাত প্ৰতিবিম্ব লাইভে কালি বাতৰি সম্প্ৰচাৰ কৰাত চৰকাৰৰ গা লৰা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে প্ৰতিবিম্ব লাইভৰ বাতৰিৰ পিছতেই বান বিধ্বস্ত অঞ্চলত উপস্থিত হয় বিলাসীপাৰা ৰাজহ চক্ৰৰ লাট মণ্ডল ক্ৰমে আদেৰ আলী, সহৰ আলী ময়জা আলী আৰু মতিয়াৰ ৰহমানে। মনকৰিবলগীয়া যে, প্ৰতিবিম্ব লাইভৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমীয়ে কালি বানাক্তান্ত অঞ্চলত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়। ইফালে আজি ছুৱাপাতা তৃতীয় খণ্ড গাঁও পঞ্চায়ত সভাপতি হৰমুজ আলীয়ে নিজাববীয়াকৈ বানাক্ৰান্তৰ মাজত চিৰা মুড়ী আৰু মিঠাই বিতৰণ কৰাৰ লগতে গৰ্ভৱতী মহিলাসকলৰ মাজত ফলমুল বিতৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।