দিল্লীত ভয়াবহ পথ দুৰ্ঘটনা

 07/15/2019 - 16:44

ডিজিটেল ডেস্কঃ সোমবাৰে দিল্লীৰ ঘন জনবসতিপূৰ্ণ অঞ্চল কৰোলবাগত এখন চৰকাৰী বাছে কেইবাখনো গাড়ীত খুন্দিওৱাৰ ফলত আহত হয় ৮জন ব্যক্তিৰ৷ অট’ ই-ৰিস্কা বাইকসহ কেইবাখনো বাহন মহতিয়াই নিয়ে বাছখনে৷

স্থানীয় ৰাইজে অভিযোগ কৰে যে বাছখনৰ চালকে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ ফলত এনে ঘটনা সংঘটিত হৈছে৷ উল্লেখ্য যে ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু বাছখন ব্ৰেক ফেইল হোৱা জানিবলৈ দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।