বৰপেটাত বানৰ বিভীষিকাঃ মুছলিমপট্টি গান্ধীনগৰকে ধৰি জলমগ্ন বিস্তৃৰ্ণ অঞ্চল

 07/15/2019 - 16:51

বৰপেটাঃ বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটা চহৰৰ গান্ধীনগৰ, মুছলিমপট্টি, বৃন্দাবন হাটী, কুমাৰ হাটী, পালাংদি হাটী, গলিয়া হাটী মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰাবাস তথা ছাত্ৰীনিবাসকে ধৰি বিস্তৃৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে। বৰপেটা চহৰৰ এই অনাকাংশীত বানপানীৰ ফলত বৰপেটা চহৰৰ ৰাইজ একপ্ৰকাৰ দিশহাৰা হৈ পৰা পৰিলক্ষিত হৈছে।

স্থানীয় বিধায়ক গুনিন্দ্ৰ নাথ দাস তথা বৰপেটা পৌৰসভাৰ বিষয়ববীয়াসকলৰ যেন বানপীড়িতৰ খবৰ ল’বলৈ আহৰি নাই। ২০০৪ চনত হোৱ বিভীষিকাময় বানপানীৰ পুনৰাবৃত্তি হোৱাৰ পথত আগবাঢ়িছে বৰপেটা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বানপানী অধ্যুষিত অঞ্চলসমূহত পৰ্যাপ্ত সাহায্য তথা উদ্ধাৰ অভিযানৰ নিৰ্দেশ দিছে যদিও এইক্ষেত্ৰত যেন কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বৰপেটা জিলা প্ৰশাসনে।

একাংশ বানপীড়িত লোক এতিয়া অস্থায়ী শিবিৰসমূহত আশ্ৰয় লৈছে যদিও নাই পৰ্যাপ্ত পৰিমাণৰ সুবিধা। ইয়াকে লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ। বৰ্তমানেও বৰপেটা চহৰৰ মাজেৰে প্ৰৱাহিত চাউলখোৱা, মৰা চাউলখোৱা, নখন্দা আদি নৈসমূহ বিপদসীমাৰ ওপৰেৰে বৈ আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।