জনীয়াৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্তক এনপিপিৰ খাদ্য সামগ্ৰী বিতৰণ

 07/15/2019 - 17:13

জনীয়াঃ সমগ্র ৰাজ্যখনত বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ জনীয়া সমষ্টিতো সংহাৰী ৰূপ লোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত পশুধনৰ লগতে মানুহৰ মাজতো খাদ্য সংকটে দেখা দিছে। অথচ খৱৰ লোৱাৰ আহৰি নাই জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰৰ। তেনে এক সময়ত নেচনেল পিপলচ পাৰ্টি চমুকৈ এনপিপিৰ নেতা-কৰ্মীয়ে জনীয়া বিধান সভা সমষ্টিৰ বানাক্ৰান্ত এলেকা পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হৈছে।

কালি নেচনেল পিপলচ পাৰ্টীৰ আহ্বায়ক দিলীপ বৰা, ৰাজ্যিক পৰ্যায়ৰ নেতা আবুল হুছেইন, যুৱ নেতা লাচিত বৰা, এনপিপি ভুপেন বৰা, ৰাজ্যিক পৰ্যায়ৰ নেতা চান মামুদ, দলীয় কৰ্মী শুকুলা আলী, জাহিদুল ইছলাম, জেহেৰুল ইছলাম, বাবুল হুছেইন, কাচেম আলী, ফয়েজুদ্দিনকে ধৰি এটি সজাতি দলে জনীয়া বিধান সভা সমষ্টিৰ কাছুকাটি, শওপুৰ মজিদভিটা, ৰুভী, বনগুগী এলেকাৰ বানাক্ৰান্ত লোকৰ বুজ লয়।

ৰাজ্যিক নেতাসকলে বানাক্ৰান্ত লোকৰ সৈতে মত বিনিময় কৰাৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰে। শাসকীয় দলে নিৰ্লিপ্ত ভূমিকা লোৱাৰ সময়ত এনপিপিয়ে জনীয়া সমষ্টিৰ বানাক্ৰান্ত লোকৰ মাজত আহি সাহায্য বিতৰণ কৰা কাৰ্যক ৰাইজে শলাগ লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।