হৰিণা হত্যাঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আটক ৩ হৰিণা চিকাৰী

 07/15/2019 - 17:41

খাৰুপেটিয়াঃ বিপদত বাঘে ছাগে এক ঘাটত পানী খায়, বাঘে হৰিণাই একে লগে আশ্ৰয় লয় বুলি এষাৰ কথা আছে৷ কিন্তু মানুহৰূপী একাংশ হিংস্ৰ প্ৰাণীয়ে এই বাক্যশাৰীক চেৰ পেলায় আজি বানাক্ৰান্ত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দিকবিদিক হেৰুৱাই এটুকুৰা সুৰক্ষিত ঠাই বিচাৰি ওলাই অহা দুটা প্ৰকাণ্ড হৰিণাক হত্যা কৰাত প্ৰকৃতি প্ৰেমিকক মৰ্মাহত কৰি তোলাৰ লগতে অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

ঘটনা সংক্ৰান্তত জানিব পৰা মতে কেইবা দিনৰ পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ বাবে দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ ৬০ শতাংশ জলমগ্ন হৈ পৰিছে৷ উদ্যানখনৰ বন্যপ্ৰাণীয়ে আশ্ৰয়স্থল বিচাৰি ওখ ঠাইলৈ ঢাপলি মেলিছে৷ বনকৰ্মীসকলে বন্যপ্ৰাণীৰ সুৰক্ষাৰ কথা লক্ষ্য কৰি বৰষুণ বানপানীৰ মাজতে টুলুঙা নাৱেৰে টহলদাৰী কৰি থকাৰ সময়তে আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী ৰৌমাৰী গাঁৱত এটি দুষ্ট চক্ৰৰ দলে উদ্যানখনৰ পৰা ওলায় অহা দুটা প্ৰকাণ্ড হৰিণা ভক্ষণৰ উদ্যেশ্যে হত্যা কৰে৷

ঘটনাৰ খবৰ পাই শ্যামপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া চৈয়দ মুকুতাৰ আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীয়ে অভিযান চলায় দলগাঁও থানাৰ অন্তৰ্গত কাছোমাৰী সোনাৰী গাঁৱৰ আবুল কালাম(৩৫), কাছোমাৰী নেপালী গাঁৱৰ হজৰত আলী(৪৫) আৰু মহিদুল ইছলাম (১৮)ক হাতে লুটে আটক কৰি উদ্যানখনলৈ লৈ যায় আৰু অধিক তথ্যৰ বাবে জেৰা চলায়৷ জানিব পৰা মতে উক্ত হৰিণা হত্যাকাণ্ডত আন বহুলোক জড়িত আছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।