পানীৰ তলত জৱাহৰ নবোদয় বিদ্যালয়ঃ উদ্ধাৰ অভিযান এছডিআৰএফৰ

 07/15/2019 - 17:47

নলবাৰীঃ পানীৰ তলত জৱাহৰ নবোদয় বিদ্যালয়। বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে বুৰালে নবোদয় বিদ্যালয়ৰ চৌহদ। বিদ্যালয় কৰ্তৃপক্ষই সাময়িকভাবে স্থগিত ৰাখিলে পাঠদান। উপাযুক্তৰ নিৰ্দেশৰ পিছতে এছডিআৰএফে চলাইছে উদ্ধাৰ অভিযান। ছাত্র-ছাত্ৰীসকলক ঘৰলৈ নিয়াত ব্যস্ত অভিভাবকসকল। বিদ্যালয় চৌহদত বানে লৈছে এতিয়া ভয়ংকৰ ৰূপ। বহু দূৰ-দূৰণিৰ ছাত্ৰ-ছাত্ৰী বৰ্তমানেও আবদ্ধ হৈ আছে।

পানীৰ সোঁতত বিদ্যালয় চৌহদৰ পকী দেৱাল ভাঙি যোৱাৰ আশংকা কৰিছে। প্ৰায় ৫০০ ছাত্র-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল আতংকিত হৈ পৰিছে বানক লৈ। এয়াই প্ৰথম নহয় নলবাৰী জৱাহৰ নবোদয় বিদ্যালয়ত প্ৰতি বছৰে হয় বানপানী৷ পানীত বুৰ যায় ছাত্ৰ-ছাত্ৰীৰ হোষ্টেলসমূহ।সম্পূৰ্ণৰূপে বানত প্লাবিত হৈ পৰে বিদ্যালয়খন। বন্ধ হৈ পৰে পাঠদান। কিন্তু ইয়াৰ পিছতো গা নলৰে বিভাগীয় কৰ্তৃপক্ষৰ।

সময়ত নলয় বান প্ৰতিৰোধৰ ব্যৱস্থা। ফলত প্ৰতি বছৰে দুৰ্ভোগ ভুগে ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষকসকলে। আনহাতে বিহাৰ, উত্তৰ প্ৰদেশকে ধৰি বহিঃৰাজ্যৰ পৰা বিদ্যালয়খনত অধ্যয়ন কৰিবলৈ অহা ছাত্র-ছাত্ৰীসকলে অস্বাস্থ্যকৰ পৰিবেশতে বিদ্যালয় চৌহদতে থাকিবলগীয়া হয় বানৰ সময়ছোৱাত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।