টুকটুকীঃ বটদ্ৰৱাৰ নিকটৱৰ্তী শিমলুআটি আলিম উদ্দিন মেম’ৰিয়েল জাতীয় বিদ্যালয়ত বিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ ৭ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক আজি সম্বৰ্ধনা জনোৱা হয়। বিশিষ্ট সমাজ সেৱক ফকৰা উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত ধিং সমষ্টিৰ বিধায়ক হাজী আমিনুল ইছলাম উপস্থিত থাকি ভাষণত কয় যে আজিৰ প্ৰতিযোগিতাৰ দৌৰত আগবাঢ়ি যাবলৈ বিদ্যালয়সমূহত আধুনিক গুণগত শিক্ষাৰ অতিকৈ প্ৰয়োজনীয়।
বৰ্তমান সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমূহৰ বিদ্যালয়বিলাকৰ ছাত্ৰৰ অনুপাতে ছাত্ৰীৰ সংখ্যা বেছি হোৱাটো ভাল লক্ষণ হ’লেও ছাত্ৰৰ সংখ্যা কমি যোৱাটো সচেতন ব্যক্তিসকলে চিন্তা কৰিব লাগে। বিদ্যালয়খনৰ পৰা ষ্টাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী ওম্মে ছালমা, মেহেক চুলতানা, ৰুনজুমা শ্ববনম, আজাহাৰ মেহমুদ, মাহমুদা বেগম আৰু ৰুপচানা বেগমক মানপত্ৰ, শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জনায়।
কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলকো ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। বিদ্যালয়ৰ অধ্যক্ষ ছিদ্দিকুল ইছলামে পৰিচালনা কৰা সভাত বিদ্যালয় উপাধ্যক্ষ মুনচুৰ আহমেদ, স্থানীয় বিষয় শিক্ষক মুস্তাক আহমেদ, জামুগুৰি এল পি স্কুলৰ জ্যেষ্ঠ শিক্ষক নুৰ মহম্মদে ভাষণ প্ৰদান কৰে। সভাত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ লগতে তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিত থাকে।