লংকাঃ হোজাই জিলাৰ লংকাৰ অন্তৰ্গত পূব ভালুকমাৰি নেপালী বস্তিৰ এটা গুৰুত্বপূৰ্ণ পথ। পথটোৰ বিধ্বস্তৰূপে ৰাইজক জ্বলা-কলা খুৱাইছে৷ অতি গুৰত্বপূৰ্ণ পথটোৰ পূব ভালুকমাৰিৰ পৰা পশ্চিম ভালুকমাৰীলৈ প্রায় তিনি চাৰি কিলোমিটাৰ পথত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷ পথৰ শোচনীয় অৱস্থাই জীয়াতু ভুগাইছে নেপালী বস্তিৰ ৰাইজক।
হোজাই জিলাৰ বিধায়কৰ লগতে স্থানীয় ৱাৰ্ড কমিছনাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাষ্টাৰ মাজত কঠিয়া ৰুব পৰা অৱস্থাৰ সৃষ্টি হয়। পথটো এনে অৱস্থা হোৱাৰ ফলত যাত্ৰীবাহী টেম্পু, চাৰিচকীয়া গাড়ী, মটৰ চাইকেল আদি চলাই যোৱা ৰাইজৰ লগতে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগে।
বৰ্তমান স্কুলীয়া ছাত্ৰ-ছাত্ৰী স্কুল যাব নোৱাৰাত স্থানীয় লোকে নিজৰ পইচাৰে শিল ৰাবিছ পেলায় পথটো মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। এই পথটো অতি সোনকালে মেৰামতি কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত পূব ভালুকমাৰী নেপালী বস্তীৰ ৰাইজে আহ্বান জনাইছে৷