যোগীঘোপাত বানপানীৰ কালৰূপ : বান সাহায্য দিয়াৰ দাবীত ঔডুবীত আমছুৰ প্ৰতিবাদ

 07/15/2019 - 18:54

যোগীঘোপাঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ সমগ্ৰ অঞ্চলত বানে কাল ৰূপ ধাৰণ কৰিছে৷ বানাক্ৰান্ত ৰাইজ সম্প্ৰতি খাদ্য সংকটত ভুগিছে৷ পশুধনৰ বাবেও এতিয়ালৈকে চৰকাৰ প্ৰশাসনে কোনো খাদ্যৰ ব্যৱস্থা কৰা নাই৷ চৰকাৰৰ উক্ত কাৰ্যত সদৌ অসম সংখ্যালঘু ছাত্ৰ চমুকৈ আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিয়ে ক্ষুব্ধ হৈ পৰিছে৷

বান সাহায্য দিয়াত ব্যৰ্থতাৰ প্ৰতিবাদত আজি দুপৰীয়া ঔডুবীত চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে আমছুৰ লগতে বানাক্ৰান্ত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ মুৰ্দাবাদ, জিলা-মহকুমা প্ৰশাসন মুৰ্দাবাদ, বিধায়ক অনন্ত কুমাৰ মালো গো বেগ আদি বিভিন্ন প্ৰতিবাদী শ্লোগানৰে পৰিবেশ উত্তাল কৰি অহা ১২ ঘণ্টাৰ ভিতৰত বান সাহায্য দিবলৈ চৰকাৰক দাবী জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।