07/15/2019 - 19:03
in
সৰুপথাৰঃ গোালাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰৰ পৰা বাৰমুখীয়া হৈ মিৰিগাঁও অভংপথাৰ সংযোগী পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে কৃষকৰ লগতে সাধাৰণ ৰাইজক। ১২ বছৰ পূৰ্বে এই পথছোৱা পকীকৰণ কৰা হৈছিল যদিও নিৰ্মাণৰ পাছৰ পৰা আজিলৈকে মেৰামতি নকৰাৰ বাবে ভাঙি-ছিঙি বিধ্বস্ত হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে।
বৰ্তমান এই পথছোৱা পকাৰ পৰা কেঁচালৈ ৰূপান্তৰিত হৈছে কিন্তু এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষৰ দ্বায়িত্বহীন মনোভাবৰ বাবে জনসাধাৰণে চৰম হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। পথটোৰ মাজে মাজে সৃষ্টি হৈছে পুখুৰী সদৃশ দ গাঁত। পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে। এই পথটো অতি শীঘ্ৰে মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে মন্ত্ৰীক দাবী জনাইছে স্থানীয় ৰাইজে।