উত্তৰ গুৱাহাটীঃ বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জলস্তৰ তীব্ৰ গতিত বৃদ্ধি পাইছে। ৰাজ্যৰ বহু অঞ্চল বানৰ কবলত। বহু ঠাইত বানে মথাউৰি ছিঙিছে। উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়ৰ কাষেৰে যোৱা লেঙা মথাউৰিটোৰ প্ৰতি ব্ৰহ্মপুত্ৰৰ পানীয়ে ভাবুকি সৃষ্টি কৰা দেখা গৈছে। পূৰ্বে এবাৰ ব্ৰহ্মপুত্ৰৰ পানীয়ে মথাউৰিটো ছিঙি সৰ্বসাধাৰণৰ ৰাইজৰ যঠেষ্ট খতি সাধন কৰিছিল।
সেই মথাউৰিটো পুনৰ নিৰ্মাণ কৰা হয় যদিও ইএনডি বিভাগৰ চৰম অবহেলাৰ লগতে নিৰ্মাণত গাফিলতিৰ বাবে পুনৰ মথাউৰিটো খহিব বুলি আশংকা কৰিছে লেঙাবাসীয়ে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি যোৱা নিশাহে সাৰ পাইছে ইএনডি বিভাগটোৱে। ফলত নেৰানেপেৰা বৰষুণত গড়টোত বহু ৰেনকাট দেখা গৈছে। পানীয়ে মথাউৰি তলেৰে নিৰন্তৰ হেঁচা প্ৰদান কৰি আছে।
মথাউৰিটো সংৰক্ষণৰ অভাৱত জংঘলত পৰিণত হৈছে। ফলত ক’ৰবাত বেয়া হ’লেও গম পোৱা নাযাব বুলি ৰাইজৰ অভিযোগ। বৰ্তমান বিভাগটোৱে কাম আৰম্ভ কৰিছে যদিও বুলি মথাউৰিটোক লৈ শংকামুক্ত নহয় ৰাইজ। ৰংমহল ৰজাদুৱাৰৰ মাজত থকা গড়টোৰ ওপৰত ৰাইজে নজৰ ৰাখিছে। আনহাতে উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড পাৰঘাটৰ সমীপৰ ৰ'পৱেলৈ যোৱা পথছোৱা ব্ৰহ্মপুত্ৰৰ পানীৰ হেঁচাত কালভাৰ্টটো ভাঙি বহি যায়।
ফলত অঞ্চলবাসী শংকাত ভূগিছে। পথটো ভাঙি পানী সোমালে উত্তৰ গুৱাহাটীৰ বহু কেইখন গাঁও পানীত ডুব যাব। বৰ্তমান গড়কাপ্টানি বিভাগে পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে আমিনগাঁৱৰ লথিয়াবাগিছা, মৰিয়াপট্টী আদি অঞ্চলত মানুহৰ ঘৰত প্ৰৱেশ কৰিছে। ফলত বহুলোক ক্ষতিগ্ৰস্ত হৈছে। আজি দিনৰ ভাগত কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই লেঙাকে ধৰি বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।