প্ৰবল বানে উটুৱাই নিলে ভাৰত-বাংলাদেশ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰ

 07/15/2019 - 19:27

মানকাচৰঃ মানকাচৰৰ পৰা ২০ কিলোমিটাৰ নিলগৰ ভাৰত-বাংলাদেশ সীমান্তৰ আসামেৰ আলগা সীমান্ত চকীৰ নিচেই কাষত আজি আবেলি সীমান্তৰ পথ আৰু কাইটীয়া তাঁৰৰ বেৰ প্ৰবল বানে উটুৱাই লৈ যায়। যাৰ ফলত হাটশিঙিমাৰীৰ পৰা সীমান্ত পথেদি মানকাচৰলৈ বিএছএফৰ যোগাযোগ বিছিন্ন হৈ পৰিছে।

সীমান্ত পথৰ কাইটীয়া তাঁৰৰ বেৰৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। হাটশিঙিমাৰীৰ ভাৰত বাংলাদেশ সীমান্তত থকা সীমান্ত চকীকেইখনৰ প্ৰতিও তীব্ৰ ভাবুকি নামি আহিছে। সীমান্তৰ নিৰাপত্তাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।