কামপুৰত জটিল হৈ পৰিছে বান পৰিস্থিতি, খবৰ নাই প্ৰশাসনৰ

 07/15/2019 - 19:34

কামপুৰঃ নগাঁও জিলাতো বানৰ তাণ্ডৱ অব্যাহত আছে। কপিলী, নিশাৰী, বৰপানী নদীৰ পানী বাগৰাৰ পাছত কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুবাট, জৰাবাৰী আৰু কামপুৰ মৌজাৰ শতাধিক গাঁও প্লাবিত হৈ পৰিছে। উল্লেখযোগ্য বৰ্তমান কামপুৰৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে। পানীত ডুবি বিগত এটা সপ্তাহত কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত চাৰিজন লোকৰ মৃত্য হৈছে।

পুনৰ যোৱা নিশাৰ পৰা নিশাৰী নৈৰ পানী বাঢ়ি আহিছে। বৰ্তমানলৈকে কচুৱাৰ জুৰিপাৰ আৰু কচুৱাৰ হাতীখুটি মথাউৰি ছিগি বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে। মাত্ৰ দুটা মাহৰ আগত নিৰ্মাণ কৰা কামপুৰৰ পশ্চিম গুইমাৰিৰ শৈল্য বান্ধৰ ওপৰৰে পানী বোৱা সংকটত পৰিছে অঞ্চলটো৷ যিকোনো মুহূৰ্তত কপিলী নৈয়ে খহাই নিয়াৰ আশংকা কৰিছে কাকতি গাঁৱৰ মথাউৰি৷

মথাউৰিটোৰ ৯০ শতাংশ কপিলী নৈয়ে খহাই নিয়াৰ পাছত দিন ৰাতি একাকাৰ কৰি স্থানীয় ৰাইজে উক্ত মথাউৰিটো প্ৰতিৰোধৰ চেষ্টা চলাইছে যদিও কপিলীৰ জলস্তৰ প্ৰতি মুহূৰ্তত বৃদ্ধি হৈ থকাত কিমান ফলপ্ৰসু হব সেইয়া নেদেখাজনৰ ওপৰতে একমাত্ৰ ভৰষা কৰিছে ৰাইজে৷ কপিলীৰ বাঢ়নী পানীয়ে এই মথাউৰিটো খহাই নিলে কাকতি গাঁৱৰ লগতে নগাঁও জিলাৰ বহু অঞ্চলত জলপ্ৰলয়ৰ সৃষ্টি হ’ব৷

ইফালে বানাক্ৰান্তসকলক সাহায্য প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে প্ৰশাসনৰ বিৰুদ্ধে। মথাউৰিৰ ওপৰত শ শ পৰিয়াল পশুৰ লগত একেলগে বসবাস কৰিছে যদিও কানসাৰ নাই জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ। চাৰিদিন ধৰি মথাউৰিত আশ্ৰয় লৈ থকা পৰিয়ালকেইটাক যোগান ধৰা হোৱা নাই খাদ্য সামগ্ৰীকে ধৰি চিকিৎসা্সেৱা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।