লংকাঃ পথৰ তথৈবচ অৱস্থাৰ বাবে শাসনাধিস্থ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে। কৃষ্ণ নগৰৰ পৰা লংকা চহৰলৈ যোৱা একমাত্ৰ পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে লংকা কৃষ্ণ নগৰ অঞ্চলৰ স্থানীয় ৰাইজে ক্ষোভ উজাৰি প্ৰতিবাদ সাব্যস্ত কৰে। পথ আছে হয়, কিন্তু পথৰ শোচনীয় ৰূপৰ বাবে যাতায়তৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভোগ কৰিব লগা হৈছে অঞ্চলবাসীয়ে।
পুখুৰীৰ ওপৰত পথ নে পথৰ ওপৰত পুখুৰী ধৰিবই নোৱাৰা অৱস্থা| আনহাতে পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোত যাতায়তৰ ক্ষেত্ৰত নানান অসুবিধা হোৱাৰ লগতে তৎকালিন চিকিৎসাৰ বাবে পথেৰে প্ৰৱেশ নকৰে ১০৮ মৃত্যুঞ্জয় সেৱা। ফলত চিকিৎসাৰ বাবে ৰোগী নিয়াত স্থানীয় ৰাইজে বহু সমস্যাৰ সন্মুখীন হ’ব লগা হয়| জৰাজীৰ্ণ পথটিৰ বাবে বিদ্যালয়লৈ অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হয় কণ কণ শিক্ষাৰ্থীসকলো।
তদুপৰি যোৱা কিছু দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পথৰ মাজত থকা পুখুৰীসদৃশ গাঁতত পানী জমা হোৱাৰ ফলত যাতায়তৰ বাবে একেবাৰে অনুপযোগী হৈ পৰাৰ লগতে বাইক এখনো পথেদি নিব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে। ইফালে এটি সুচল পকীপথ নিৰ্মাণৰ বাবে বাৰম্বাৰ আবেদন নিবেদন কৰিও আজি পৰ্যন্ত সুফল নাপালে কৃষ্ণনগৰবাসীয়ে।
সেয়েহে অৱশেষত উপায়ন্তৰ হৈ সোমবাৰে জৰাজীৰ্ণ পথৰ ওপৰতেই প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অঞ্চলটোৰ শতাধিক পুৰুষ-মহিলাই।