প্ৰলয়ংকৰী ৰূপ লৈছে দৰঙৰ বান পৰিস্থিতিয়ে

 07/15/2019 - 19:55

মঙলদৈঃ প্ৰলয়ঙ্কৰী ৰূপ লৈছে দৰঙৰ বান পৰিস্থিতিয়ে। বিগত চৌবিশ ঘণ্টাত অধিক অবনতি ঘটিছে বান পৰিস্থিতি। দৰঙৰ ৪টা ৰাজহ চক্ৰৰ ৯০ খন গাঁও ডুব যোৱাত প্ৰায় লক্ষাধিক লোক বানত আক্ৰান্ত হৈছে। ইয়াৰ উপৰি লাক্ষাধিক পশুধন বানৰ কৱলত। মঙ্গলদৈ চহৰৰ ১০ নং ৱাৰ্ডৰ প্ৰায় পৰিয়ালৰ ঘৰ পানীৰ তলত। ঘৰত পানী সোমোৱাৰ ফলত জীৱন নিৰ্বাহ দুৰ্বিসহ হৈ পৰিছে। ইতিমধ্যে মঙ্গলদৈ চহৰত বানাক্ৰান্ত লোকৰ বাবে ৫ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে।

শিশু মহিলাকে ধৰি প্ৰায় ৫ হাজাৰ লোক আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। উদ্ধাৰ অভিযান তীব্ৰতৰ নোহোৱা বাবে বহু লোকৰ সা-সম্পত্তি পানীত বুৰ গৈছে৷ বৰ্তমানলৈ কোনো চৰকাৰী সাহায্য দুৰ্গতই লাভ কৰা নাই। মঙলদৈ জলসম্পদ বিভাগৰ তথ্য অনুসৰি আজি বিপদ সীমাৰ প্ৰায় দুই মিটাৰ ওপৰেৰে বৈ থকাৰ লগতে জলপৃষ্ঠ আৰু অধিক উৰ্দ্ধগামী হৈ থকাত ন ন অঞ্চল পানীয়ে বুৰাই পেলাইছে।

জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শেহতীয়া তথ্য অনুসৰি দলগাঁও ৰাজহ চক্ৰৰ সৰ্বাধিক ৪২ খন গাঁও, মঙলদৈৰ ২২ খন আৰু লগতে ছিপাঝাৰ, পাথৰিঘাট ৰাজহ চক্ৰৰ ক্ৰমে ১৬ আৰু ১০ খন গাঁৱকে ধৰি জিলাৰ মুঠ ৯০ খন গাঁও বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে। সূত্ৰটোৰ মতে বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ইতিমধ্যে ৬০ হাজাৰ অতিক্ৰম কৰিছে। সেইদৰে জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মতে ডেৰ লক্ষতকৈ অধিক পোহনীয়া গৰু, ছাগলী, হাঁহ কুকুৰা আদি বানত আক্ৰান্ত হৈছে।

বিস্তীৰ্ণ ৰাজহুৱা চৰণীয়া পথাৰ বানত বুৰ যোৱাত এই পশুধনসমূহ খাদ্য সংকটত ভোগাৰ আশংকাই দেখা দিছে। ইফালে জিলা প্ৰশাসনে মাত্ৰ কেইশ কুইণ্টলমান পশুখাদ্যৰ যোগান ধৰি দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে। বানে মঙলদৈ পাথৰিঘাট খৈৰাবাৰী সংযোগী গড়কাপ্টানি পথকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ পথ বুৰাই পেলোৱাত অঞ্চলসমূহত যাতায়তৰ ক্ষেত্ৰত ৰাইজে দুৰ্ভোগ ভূগিবলগীয়া হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।