মাৰ্ঘেৰিটাঃ সদ্য প্ৰয়াত লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰাক্তন সাংবাদিক লক্ষীনাথ গগৈ(৮৬)ৰ স্মৃতিচাৰণ অনুষ্ঠানটি আজি তেখেতৰ বাসগৃহৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈ যায়। লিডু শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত গগৈৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তেখেতৰ পত্নী তুলদা গগৈয়ে। তাৰ পাছতে শাখাৰ সভাপতি চন্দ্ৰ গৌতমৰ পৌৰোহিতত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।
শাখাৰ সম্পাদক ৰাণাজ্যোতি নেওগে আঁত ধৰা তথা উদ্দেশ্য বাখ্যা কৰা সভাখনত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনীল গুৰুং বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি প্ৰয়াত গগৈৰ গুণানুকীৰ্তন কৰে। ৭০ দশকৰ কটনৰ পৰা স্নাতক ডিগ্ৰী লোৱা মেধাসম্পন্ন ব্যক্তিগৰাকীয়ে ৰাজ্যৰ গুৰুত্বপূৰ্ণ স্থানত সংস্থাপিত হ’ব পাৰিলেহেঁতেন কিন্ত তেওঁ লিডুৰ দৰে সেই সময়ৰ অনগ্ৰসৰ অঞ্চললৈ আহি শিক্ষাৰ পোহৰ বিলাবলৈ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হোৱাৰ প্ৰসংগ উল্লেখ কৰি তেওঁৰ অৱদানক গুৰুঙে স্মৰণ কৰে।
তেওঁৰ একালৰ সহকৰ্মী তথা শংকৰদেৱ বিদ্যা পীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সোমেশ্বৰ নেওগে লিডুৰ দুয়োখন মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক লক্ষীনাথ গগৈৰ জীৱনকৃতিৰ আলোকপাত কৰে। সভাখনত মাৰ্ঘেৰিটা আন্ঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা, লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৃপা প্ৰসাদ উপাধ্যায় শামুকজান গাঁও পঞ্চায়তৰ সভানেত্ৰী অনীলা ফুকন, প্ৰাক্তন সভাপতি ধীৰাজ সোণোৱাল, অজাযুছাপৰ জিলা সম্পাদক কাঞ্চন বৰা লিডু কেন্দ্ৰীয় বাণিজ্য কলেজৰ অধ্যক্ষ অনিল কোঁৱৰ, শিক্ষক লক্ষীনাথ হালৱা, বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় উপসভাপতি বিপুল ৰয়, জ্যেষ্ঠ নাগৰিক কৃষ্ণ প্ৰসাদ শৰ্মা আদি অতিথি ৰূপে উপস্থিত থাকে।
উল্লেখযোগ্যযে ৫ জুলাইৰ নিশা প্ৰায় ১.৪৫ বজাত মাৰ্ঘেৰিটাৰ এখন ব্যক্তিগত নাৰ্চিং হোমত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে গগৈৰ। বহু বছৰৰ পৰা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল গগৈ। শামুকজান গাঁও পঞ্চায়তৰ কাউন্সিলাৰ হিচাপে ৫ বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল গগৈয়ে।তেখেতৰ জীৱন কৃতিক সামৰি মাধৱ দয়াল দত্তৰ সম্পাদনাত লিডু শাখা সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা ‘লক্ষীনাথ গগৈঃ ব্যক্তি আৰু ব্যক্তিত্ব’ শীৰ্ষক স্মাৰক গ্ৰন্থখন সুনীল গুৰুং আৰু সুখদেৱ শৰ্মাই আনুষ্ঠানিকভাৱে উন্মোচন কৰে।