07/15/2019 - 20:12
in
হাউলীঃ আজি বৰপেটা আৰু বাক্সা জিলাৰ বিভিন্ন বানপীড়িত অঞ্চল ভ্ৰমণ কৰি বানাক্ৰান্ত ৰাইজৰ সমস্যাৰ বুজ লয় আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত এটা সঁজাতি দলে। সভাপতিৰ নেতৃত্বত অহা সঁজাতি দলটোত অংশগ্ৰহণ কৰে বৰপেটা জিলা আমছুৰ মুখ্য উপদেষ্টা ময়নুল হক খান, সভাপতি নজৰুল ইছলাম, উপ সভাপতি আব্দুল জুব্বাৰ আলী, চিৰাং জিলা আমছুৰ সভাপতি গুলজাৰ হুছেইন পাৰমানীক, ধুবুৰী জিলা সভাপতি আব্দুল বাতেন শ্বেখ, বাক্সা জিলা আমছুৰ সাধাৰণ সম্পাদক সাহাদত হুছেইনৰ লগতে বৰপেটা আৰু বাক্সা জিলাৰ আমছুৰ অন্যান্য কৰ্মীসকলে। জিলা দুখনৰ বান আক্ৰান্ত লোকসকলক পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদান কৰিবলৈ আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে অসম চৰকাৰক আহ্বান জনাইছে|