মিৰ্জাঃ মৈয়েত্ৰী আঁচনিৰ অধীনত নিৰ্মিত আজাৰা আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। যোৱা বাজেট অধিৱেশনত লোৱা প্ৰস্তাৱ অনুসৰি আৰক্ষী আৰু জনসাধাৰনৰ মাজত সু-সম্পৰ্ক গঢ়াৰ উদ্দেশ্যে মৈয়েত্ৰী আঁচনিৰ জৰিয়তে অসমৰ আৰক্ষী থানাসমূহৰ ভৱনসমূহ নৱনিৰ্মিত ৰূপত ৰূপ দিয়াৰ যি আঁচনি ঘোষণা কৰিছিল সেই মৈয়েত্ৰী আঁচনিৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰিলে আজাৰা আৰক্ষী থানাত।
এই মৈয়েত্ৰী আঁচনিৰ জড়িয়তে ভৱনৰ উপৰি থানাসমূহত থাকিব অত্যাধুনিক সা-সুবিধা। মহিলা আৰু শিশুৰ বাবেও এই থানাসমূহত বিশেষ সুবিধা থকাৰ উপৰি চাইবাৰ চেলো অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজাৰা আৰক্ষী থানাখনক জনসাধাৰণৰ সকলো দিশৰ পৰা সকাহ দিবলৈ প্ৰতিপল সষ্টম হৈ থাকিবলৈ আহ্বান জনায়।
কিয়নো থানাখনৰ অন্তৰ্গত এটি বৃহৎ অঞ্চল থকাৰ লগতে এখন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে। আজি থানাখন আনুষ্ঠানিক উদ্বোধন কৰি থানাখন পৰ্যবেক্ষণ কৰে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰি গুৱাহাটী আৰু যোৰহাট লোকসভাৰ সাংসদ কুইন ওজা আৰু তপন গগৈ, আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ লগতে বহু উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।