বটদ্ৰৱাঃ অসমীয়া কাব্য সাহিত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰোৱাৰ লগতে নৱ প্ৰজন্মক ইয়াৰ প্ৰতি আগ্ৰহী কৰি এখন মঞ্চ দিয়াৰ মহান লক্ষ্যৰে প্ৰতিষ্ঠা লাভ কৰা উত্তৰ-পূৱ বহুভাষিক কবি সন্মিলনৰ এখনি গুৰুত্বপূৰ্ণ সভা যোৱা শনিবাৰে নগাঁও চহৰস্থিত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাগৃহত অনুষ্ঠিত কৰা হয়৷ সাহিত্যৰত্ন বিশ্বম্ভৰ সিং কুশৱাহাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্মিলনৰ কাৰ্যকৰী সভাপতি বংকিম বৰুৱাই।
সন্মিলনৰ প্ৰধান সম্পাদক কাব্যনীলে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত অসমৰ প্ৰায় কেইখন জিলাৰ পৰা প্ৰায় শতাধিক কাব্য সাহিত্যৰ লগত নিবিড়ভাবে জড়িত ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ সভাত ললিত বসুমতাৰী, বিষ্ণু শাস্ত্ৰী, ড° ইকবাল খান, কন্দৰ্প কলিতা, হেম ৰায়, কৃষ্ণ শাস্ত্ৰী, মৃনাল কুমাৰ বৰুৱা, দেৱৰাজ কলিতা, চবিন নাথ, কাজল লতা মেধি, হাইচ উদ্দিন, ৰফিকুদ্দিন, নিৰলা ইংহিপী, নিৰুপ্ৰভা, শংকৰ দেৱ, মায়ামনি দেৱী, অনিমা , পূণ্যলতা গোঁহাই, ৰশ্মিৰেখা দেৱীকে ধৰি কেইবাজনো কবিয়ে কবিতা পাঠ কৰে। পল্লবী মহন্তই গীত পৰিবেশনেৰে সৌষ্ঠব্য বৃদ্ধি কৰা সভাখনিত কবিতাৰ পৰ্যালোচনা কৰে ড° যতিন বৰুৱা, প্ৰদান বৰুৱা আৰু বিষ্ণু শাস্ত্ৰীয়ে৷
উক্ত সভাতে সন্মিলনৰ ত্ৰৈমাসিক আলোচনী "মুক্ত কবি কণ্ঠ"ৰ প্ৰস্তাৱনা সংখ্যাটি বিশিষ্ট সাংবাদিক বিপুল শৰ্মাই আনুষ্ঠানিকভাবে উন্মোচন কৰাৰ বিপৰীতে শিৱসাগৰৰ লেখিকা দুলুমনি দেৱীৰ "মনৰ সেউজ বননি" নামৰ এখনি কাব্য গ্ৰন্থও উন্মোচন কৰে বিশ্বম্ভৰ সিং কুশৱাহাৰে। শেষত সকলো কবিলৈ অতি আন্তৰিকতাৰে শলাগৰ শৰাই প্ৰদানেৰে সভাখনিৰ সামৰণি পেলায় উত্তৰ-পূৱ বহুভাষিক কবি সন্মিলনৰ সভাপতি অনিল চন্দ্ৰ নাথে৷