07/15/2019 - 20:44
in
মৰিগাঁওঃ মৰিগাঁও জিলাৰ ভেলৌগুৰী থানাৰ অন্তৰ্গত বজাকাঠি গাঁৱত মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ ফলত মথাউৰি ছিঙি যোৱাত মৰিগাঁও জিলাৰ জলসম্পদ বিভাগে আজি চাৰি দিন ধৰি দিনে ৰাতিয়ে কাম কৰি আছে। লগতে ভেলৌগুৰী থানাৰ আৰক্ষীসকলে দিনে-ৰাতিয়ে বজাকাঠিত উপস্থিত থাকি কামত সহায় সহযোগিতা আগবঢ়াই আছে।
উল্লেখযোগ্য যে বজাকাঠি মথাউৰিৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰত অৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান।কিবা কাৰণত যদি বজাকাঠি মথাউৰি ছিঙি যায় তেন্তে গুৰুজনাৰ জন্মস্থানৰ প্ৰৱল ক্ষতি হোৱাটো এক প্ৰকাৰ নিশ্চিত। বজাকাঠি মাথাউৰিৰ দুঃচিন্তাত বজাকাঠিৰ লগতে মৈৰাবাৰী, পাতিকিপঢ়ি, হাতিমূৰীয়া, দলৈগাঁও বৰছাপৰি আৰু বহুতো গাঁৱৰ গঞা শংকাত ভূগি আছে।