কোকৰাঝাৰঃ বিটিচিৰ সদৰভূমি কোকৰাঝাৰ চহৰৰ গাতে লাগি থকা বহু চৰ্চিত কোকৰাঝাৰ পাঁচ নং(জনজাতি) লোকসভা সমষ্টিৰ অন্তৰ্গত সমস্যাজৰ্জৰ চেঁচাপানী আৰু বাগিছা গাঁওবাসীৰ সীমাহীন দুখ দুৰ্দশাৰ বুজ ল’বলৈ আজিও আহৰি নহ’ল এজনো জনপ্ৰতিনিধিৰ৷ অকল নিৰ্বাচনৰ প্ৰাকক্ষণত সাংসদ, বিধায়ক আৰু বিটিচিৰ জনপ্ৰতিনিধিসকলে উন্নয়নৰ পৰশ নোপোৱা গাঁও দুখনত নৈ, খাল, বিলৰ পানী আৰু বোকা গচকি গৈও উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ভোট ভিক্ষা কৰাতো সৰ্বজনবিদিত৷ বাৰিষা আহিলেই গাঁওদুখনৰ সৰ্বসাধাৰণ ৰাইজে বিপদসংকুলভাৱে ৰেলৱে দলং নতুবা টুলুঙা নাৱেৰে কোকৰাঝাৰ চহৰলৈ যাতায়াত কৰিবলগীয়া হোৱাত বহু লোকে মৃত্যুমুখত পৰিবলগীয়াও হৈছে৷
কিন্তু জনপ্ৰতিনিধিসকলে নিৰ্বাচনকেন্দ্ৰিক দিয়া সকলো প্ৰতিশ্ৰুতি পাহৰি যোৱাৰ বাবেই নৈপৰীয়া ৰাইজে উন্নয়নৰ মুখ দেখা নাপালে৷ আজি কোকৰাঝাৰ চহৰৰ যুৱ সমাজকৰ্মী অৰূপ কুমাৰ দে'ই গাঁও দুুখনৰ ৰাইজৰ বুুজ ল’বলৈ আগবাঢ়ি অহাত ৰাইজৰ মনত আশাৰ সঞ্চাৰ গঢ়ি উঠিছে৷ উল্লেখ্য যে যোৱা কিছুদিন ধৰি দিনে-নিশাই একেলেথাৰিয়ে দি থকা প্ৰৱল বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত বানপানীৰ সৃষ্টি হোৱাৰ দৰে বিটিচিৰ কোকৰাঝাৰ চহৰৰ পৰা মাথোঁ তিনি কিলোমিটাৰ নিলগত থকা চেঁচাপানী আৰু বাগিছা গাঁও দুুখন বানত প্লাৱিত হৈ পৰিছে। বানপানীৰ ফলত গাঁও দুখনৰ ৰাইজৰ ঘৰ-বাৰীত পানী সোমোৱাৰ লগতে মূখ্য পথ সাগৰ সদৃশ হৈ পৰিছে।
পৰিণতিত গাওঁবাসীৰ যোগাযোগ তথা একমাত্ৰ জীৱন নিৰ্বাহ কৰাৰ মূখ্য স্থান কোকৰাঝাৰ চহৰলৈ যাতায়াত কৰাত ভীষণ সমস্যাৰ সৃষ্টি হৈছে। কোকৰাঝাৰ চহৰৰ পৰা মাথোঁ তিনি কিলোমিটাৰ দূৰত অৱস্থিত গাঁওবাসীয়ে বাৰিষা যাতায়াতৰ বাবে এখন বাহৰ দলং নিৰ্মাণ কৰি লৈছিল যদিও সেইখনো গৌৰাং নদীয়ে উটুৱাই নিয়াত সম্প্ৰতি টুলুুুঙা নাও নতুবা বিপদসংকুলভাৱে ৰেলৱে দলঙৰে জীৱিকা নিৰ্বাহ আৰু দৈনন্দিন কাম-কাজৰ বাবে নদী পাৰ হৈ কোকৰাঝাৰ চহৰলৈ আহ-যাহ কৰিবলগীয়া হৈছে।
ভুক্তভোগী ৰাইজৰ এনে চৰম দুৰ্দশাৰ মাজতো কোনো এজন জনপ্ৰতিনিধিৰ আহৰি নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। পানীত ডুব গৈ থকা গাঁও দুখনৰ ৰাইজৰ বুজ ল’বলৈ সমাজকৰ্মী অৰূপ কুমাৰ দে'ই আজি গৌৰাং নদী নাৱেৰে পাৰ হৈ ৰাইজৰ অভাৱ-অভিযোগৰ বিষয়ে বুজ লৈ মত বিনিময় কৰি সামৰ্থ্য অনুযায়ী সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে৷ ইপিনে যুৱকগৰাকীৰ এনে নিঃস্বাৰ্থ প্ৰচেষ্টাক স্থানীয় ৰাইজে শলাগ লৈছে৷