মিৰ্জাঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনৰ মূল্যবান শাল গছ দুষ্ট চক্ৰই কাটি তহলিং কৰাত লোহাৰঘাট বন বিষয়াৰ বিৰুদ্ধে ৰাইজে ক্ষোভ উজাৰিছে। এফালে সেউজীয়া বনাঞ্চল ৰক্ষাৰ নামত চৰকাৰৰ বহুমুখী অভিলাষী আঁচনি আনফালে চৰকাৰৰ সংৰক্ষিত বনাঞ্চলত মূল্যৱান গছ কাটি তহলিং দুষ্ট চক্ৰৰ। পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ঘিলাবাৰী খণ্ড বন বিষয়াৰ সমীপৰ বনাঞ্চলত গছ কাটি তহলিং কৰিছে দুষ্ট চক্ৰই। চানডুবি বিলৰ পাৰত মাজোতাৰি, কৌৰপুতা, দোগাৰবুঢ়া আদি ঠাইত চোৰাং ব্যৱসায়ীয়ে দিন-দুপৰতে বন বিভাগৰ লোকক কেৰেপ নকৰি কাটি লৈ যায় মূল্যৱান গছসমূহ।
জানিব পৰা মতে এই কটা গছসমূহ বিলখনৰ আশে পাশে পানীত গোপনে পেলাই থৈ পুৰণি কৰি সমীপৱৰ্তী অঞ্চললৈ কুইণ্টল হিচাপত বৃহৎ ধনৰ বিনিময়ত বিক্ৰি কৰে। এফালে ৰাইজে এই বিষয়ে স্থানীয় খণ্ড বন বিষয়াৰ কাৰ্যলয়, লোহাৰঘাট বন বিষয়াৰ কাৰ্যলয়ত বিষয়টো অৱগত কৰি আহিছিল যদিও বন বিষয়াই একো এটা ব্যৱস্থা নকৰাৰ অভিযোগ উঠিছে। যাৰ ফলত চোৰাং কাঠ ব্যৱসায়ীয়ে এনেদৰে মুকলিভাৱে এফালৰ পৰা কাটি গৈছে মূল্যৱান গছসমূহ।