বিজনীঃ চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত ১ নং বৰপথাৰ গাঁৱৰ কৃষক অজিত ৰায়ৰ জ্যেষ্ঠ পুত্ৰ তথা শ্ৰমিক অভিজিৎ ৰায় (২০) যোৱা ১০ জুলাইৰ পৰা অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ পাটুং ব্ৰীজ অঞ্চলৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে। ফলত উদ্বিগ্ন হৈ পৰিছে কৃষক পিতৃ-মাতৃসহ পৰিয়ালবৰ্গ তথা গঞা ৰাইজ। বিজনীৰ বাল্লিমাৰী নিবাসী আকাশ আলী নামৰ লোকজনে অৰুণাচলৰ আলঙত পথ নিৰ্মাণকাৰী ঠিকাদাৰ জনৈক বাগৰাক শ্ৰমিক যোগানৰ উদ্দেশ্যে যোৱা ২ জুলাইত ১ নং বৰপথাৰৰ পৰা ১৫ জন যুৱক আৰু বাল্লিমাৰীৰ ২ জন যুৱকসহ মুঠ ১৭ গৰাকী শ্ৰমিকক অৰুণাচললৈ লৈ যায়।
উক্ত শ্ৰমিকৰ দলটোত অভিজিৎ ৰায়ো আছিল। আকাশ আলীয়ে যোগান ধৰা শ্ৰমিকসকলক আলঙত পথ নিৰ্মাণৰ কাৰ্যত নিয়োগ কৰিছিল ঠিকাদাৰ জনৈক বাগৰাই। কিন্তু উক্ত ঠিকাদাৰৰ অধীনত পূৰ্বৰে পৰা কাম কৰা অসমৰে একাংশ শ্ৰমিকে নতুনকৈ যোগদান কৰা শ্ৰমিকসকলক এইবুলি ভয় খুৱাইছিল যে ঠিকাদাৰ বাগৰাই কামত খটুৱাই পইচা নিদিয়ে। কামৰ পৰা পলালে ঠিকাদাৰ বাগৰাই শ্ৰমিকক প্ৰহাৰ কৰে।
ফলত নতুনকৈ যোৱা শ্ৰমিকসকল ভীতিগ্ৰস্ত হৈ নিজ নিজ ঘৰলৈ উভতি অহাৰ পৰিকল্পনা কৰে। ফলত ১ নং বৰপথাৰৰ সতীশ বৈদ্য, বিপুল ৰায়, জগন্নাথ পাটগিৰি, উৎসৱ বসুমতাৰীসহ ৯ জনকৈ শ্ৰমিক অৰুণাচলৰ পৰা পলায়ন কৰি যোৱা ১১ জুলাইত ঘৰ পায়হি। কিন্তু ৰহস্যজনকভাৱে অভিজিৎ ৰায় কৰ্মস্থলীৰ পৰাই সন্ধানহীন হৈ পৰে।
ইফালে ১৭ জনীয়া দলটোৰ আন ৭ জন শ্ৰমিক পলায়ন কৰিবলৈ গৈ ধৰা পৰি এতিয়াও অৰুণাচলতে উক্ত ঠিকাদাৰৰ অধীনত পথ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ আছে। অসম চৰকাৰ তথা অৰুণাচল প্ৰদেশৰ চৰকাৰে যাতে নিৰুদিষ্ট অভিজিৎ সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰে তাৰবাবে দাবী জনাইছে অভিজিতৰ পৰিয়ালবৰ্গ তথা গাঁওবাসীয়ে।