মানকাচৰত আটক নিচাজাতীয় দ্ৰব্যসহ এজন সৰবৰাহকাৰী

 03/24/2019 - 17:07

হাটশিঙিমাৰী: মানকাচৰ থানাৰ অধীনস্থ বাঘাৰচৰত আজি পুৱতি নিশা মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ নেতৃত্বত এক গোপন সুত্ৰৰ পমখেদি যৌথভাবে নৈশ টহলদাৰী দলে বাঘাচৰৰ ওৱেটিং শ্বেডৰ পৰা কেশাৰভিটা গাঁৱৰ জয়নাল হকৰ পুতেক লালচান্দ মিঞা(২৬) নামৰ এজন নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আটক যুৱকজনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট,( R - 7) ৰ ৯টা পেকেটসহ মুঠ ১৫৫০ টা টেবলেট জব্দ কৰে। মানকাচৰ আৰক্ষীয়ে যুৱক জনক সোধপোচ অব্যাহত ৰাখিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বেও মানকাচৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু চিৰাপ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।