07/16/2019 - 12:49
in
লখিমপুৰঃ লখিমপুৰৰ বিহপুৰীয়াত অঘটন। এয়াৰটেল টাৱাৰৰ ট্ৰেন্সফৰ্মাৰত বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ গ’ল দুই যুৱকৰ। বিহপুৰীয়াৰ ডংগিবিলত এই অঘটন। যুৱক দুজন বঙালমৰাৰ মঞ্জুৰ হুছেইন (২২)আৰু তফিজুল ইছলাম(২৪)।
দুয়ো এয়াৰটেল টাৱাৰৰ কৰ্মচাৰী আছিল। এয়াৰটেল টাৱাৰৰ ট্ৰেন্সফৰ্মাৰ মেৰামতি কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় দুই যুৱকৰ ।