দলগাঁওঃ কিছুদিনৰ পৰা নেৰেনেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ, আৰু ধনশিৰি নদীৰ বাঢ়নী পানীৰ তাণ্ডৱত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।বাঢ়নী পানীয়ে দৰঙৰ দলগাওঁ আৰু মংগলদৈ সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ সংলগ্ন কুঢ়িখনৰো অধিক গাঁও প্লাৱিত কৰিছে। উটুৱাই নিলে বহতো ঘৰ দুৱাৰ, বিনষ্ট হ’ল সা সম্পত্তি। পানীত জাহ গ’ল শ শ বিঘা মাটিৰ শাক পাচলি, মৰাপাট, মাকৈ ইত্যাদি খেতি। সৰ্বস্বান্ত হ’ল বানপীড়িত কৃষক ৰাইজ। বানপীড়িতৰ অভিযোগ মতে বানপানীৰ ফলত সৃষ্টি হোৱা হাহাকাৰ পৰিস্থিতিৰ খবৰ লোৱা নাই কোনো চৰকাৰী বিষয়া কৰ্মচাৰী বা কোনো জনপ্ৰতিনিধি আৰু শাসকীয় দলৰ মন্ত্ৰী বিধায়কে।
খবৰ লোৱা নাই মংগলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে। দলগাওঁ সমষ্টিৰ বিধায়ক ইলিয়াচ আলীয়ে খবৰ লৈছে যদিও দিয়া নাই কোনো ধৰণৰ সাহায্য। এফালে নাই থকাৰ সুবিধা আৰু আনফালে নাই কোনো খোৱাৰ সুবিধা। গৰু, মহ, ছাগলী আদিৰ কাৰণেও নাই কোনো খাদ্য। আনফালে বানপানীৰ পূৰ্বে চপাই থোৱা একাংশ বন্যাৰ্তসকলে মাকৈ খেতিৰ উৎপাদিত সামগ্ৰীখিনি বিক্ৰী কৰিবলৈ সন্মুখীন হৈছে হাহাকাৰ পৰিস্থিতিৰ। আনহাতে বিজেপি শাসকীয় দলৰ দলগাঁও সমষ্টিৰ নেতা মুক্তাৰুল ইছলাম বানপীড়িত অঞ্চলটোত উপস্থিত হয় যদিও কোনো সাহায্য প্ৰদান কৰা দেখা নগ’ল। মাত্ৰ আশ্বাস দিয়েই উভতি আহিল নেতাজন। বানপীড়িতসকলৰ দাবী অতি সোনকালে সকলো ধৰণৰ সাহায্য চৰকাৰে আগবঢ়াব লাগে। উল্লেখ্য যে আগন্তুক দুই এদিনত আৰু যদি বৰষুণ দিয়ে তেনেহলে অতি অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব বানপীড়িত অঞ্চলসমূহত।