মঙলদৈত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ মৃত্যু

 07/16/2019 - 13:40

মঙলদৈঃ জাপানিজ এনকেফেলাইটিছৰ সংহাৰী ৰূপে বৰ্তমানলৈ দৰং জিলাত ছজনকৈ লোকৰ প্ৰাণ কাঢ়িলে। শেহতীয়াকৈ মঙলদৈ চহৰৰ ২ নম্বৰ ৱাৰ্ডৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আক্কাচ উদ্দিন আহমেদ (৭৩) এই ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। যোৱা ৯ জুলাইত আহমেদৰ জ্বৰ হোৱাত পৰিয়ালৰ লোকে তেওঁক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও জ্বৰ ভাল নোপোৱাত তেওঁক উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হস্পিতালত ভৰ্তি কৰোৱা হয়।

এইখন হস্পিতালত তিনিদিন চিকিৎসা কৰাৰ পাছতো আক্কাচ উদ্দিন আহমেদে আৰোগ্য লাভ নকৰাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। তাত তেওঁৰ জাপানিজ এনকেফেলাইটিছ হোৱা বুলি ধৰা পৰাত চিকিৎসকে সেই ৰোগৰ চিকিৎসা আৰম্ভ কৰে যদিও সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মৃত্যুমুখত পৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।