যোগীঘোপাত ৩১ নং(খ) ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী

 07/16/2019 - 14:02

যোগীঘোপাঃ যোগীঘোপাত ভয়াৱহ বান পৰিস্থিতি। বিগত কেইবাদিন ধৰি ব্ৰহ্মপুত্ৰ, আই, মানাহ, বেকী, চম্পাৱতী, কুজীয়া নদীৰ বাঢ়নি পানীয়ে যোগীঘোপাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰাৰ সমান্তৰালকৈ নামনি অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৩১ নং(খ) ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰি থকাৰ ফলত সাধাৰণ জনতাৰ লগতে যাত্ৰীসকল বিশেষ সমস্যাত পৰা পৰিলক্ষিত হৈছে।

কুজীয়া নদীৰ পানীয়ে ৩১ নং(খ) ৰাষ্ট্ৰীয় ঘাইপথটোও বুৰাই পেলাইছে। বিগত কেইবাদিন ধৰি ঘাইপথটোৰ ওপৰেৰে পানী বাগৰি থকাৰ ফলত এতিয়া বঙাইগাঁও জিলা আৰু গোৱালপাৰা দুখনকৈ জিলাৰ মাজত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাত্ৰীবাহী গাড়ীসমূহ সম্পূৰ্ণ জিলা প্ৰশাসন আৰু সুৰক্ষা কৰ্মীৰ তত্বাৱধানত চলাচল কৰি আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।