নগাঁওঃ অচিন ৰোগত আক্ৰান্ত বৰ্ণালীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব প্ৰণিতা মৰাঙৰ লগতে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা। এক কৰুণ আৰু জীয়া বাস্তব ঘটনা। যি বাস্তৱক দেখিলে আপোনাৰো চকুৱেদি নিগৰিব চকুপানী। নগাঁও জিলাৰ হাতীচোঙ সোণাৰী গাঁৱৰ এগৰাকী মৰমলগা কণমানি। পখিলা খেদা বয়সত এই কণমানি গৰাকী আক্ৰান্ত হৈছে অচিন ৰোগত। ২ বছৰৰো অধিক কাল চিকিৎসা কৰাই ভাগৰি পৰিছে পিতৃ-মাতৃ। কোনো চিকিৎসকৰ ঔষধেই ৰোগ নিৰাময় হোৱা নাই কণমানিজনীৰ। নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ সোণাৰী গাঁৱৰ পিংকু চন্দ্ৰ বণিয়া আৰু নিজৰা বণিয়াৰ ৪ বছৰ ৬ মাহ বয়সৰ বৰ্ণালী বণিয়া নামৰ এই কণমানি গৰাকী দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈছে কোনো অচিন ৰোগত। কান্দি কান্দি ভাগৰি পৰিছে কণমানি বৰ্ণালীৰ দুৰ্ভগীয়া মাতৃ।
দিন হাজিৰা কৰা পিতৃয়ে বহুটো ঠাইত চিকিৎসা কৰাৰ পিছতো ধৰা পৰা নাই কণমানিগৰাকীৰ বেমাৰ। বৰ্ণালীৰ মাতৃয়ে তাইৰ চিকিৎসাৰ বাবে বন্ধন গোট, আত্মসহায়ক গোট আদিৰ পৰা টকা ধাৰ লৈ কণমানিটিৰ চিকিৎসা কৰি আহিছে। বৰ্তমান বৰ্ণালীৰ উন্নত চিকিৎসাৰ বাবে পিতৃ-মাতৃক লাগে বহু টকা। বৰ্ণালীৰ এই সমগ্র ঘটনা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ কৰাৰ পিছতেই এতিয়া কণমাণিজনীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী সচিব প্ৰণিতা মৰাঙ, অধিবক্তা ৰূপালী গোস্বামী। তেওঁলোকে বৰ্ণালীৰ সমগ্ৰ চিকিৎসা ব্যৱস্থা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে দূৰ্ভগীয়া পৰিয়ালটোক। ইপিনে বৰ্ণালীৰ গৃহত গৈ আজি উপস্থিত হয়গৈ বিধায়িকা আঙুৰলতা ডেকা।বিধায়িকা গৰাকীয়ে দূৰ্ভগীয়া পৰিয়ালটোলৈ এককালীন সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে কণমানিজনীৰ চিকিৎসাৰ দায়িত্বও গ্ৰহণ কৰে। কণমানি গৰাকীক কোনো সদাশয় হৃদয়বান লোকে সহায়ৰ হাত আগবঢ়াৱ বিচাৰিলে কণমানি গৰাকীৰ মাতৃৰ ষ্টেট বেংকৰ একাউন্ট নং ৩৪২৩৩৩২৭০৯৮ ত সহায় কৰিব পাৰিব|