আমগুৰিত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও

 07/16/2019 - 15:09

আমগুৰিঃ আমগুৰিত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও। লালিম ছিগাৰ প্ৰতিবাদী ৰাইজ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ঘেৰাও কাৰ্যসূচী। আমগুৰিত অসম শক্তি বিতৰণ কোম্পানীৰ কাণ্ডত অতীষ্ঠ হৈ লালিম ছিগাৰ গ্ৰাহকে ঘেৰাও কৰিছে বিদ্যুৎ বিভাগৰ কাৰ্যালয়। গ্ৰাহকক ৫০ হাজাৰ পৰ্যন্ত বিদ্যুৎ বিল প্ৰেৰণত ক্ষুণ্ণ হৈ ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী।

আমগুৰি বিদ্যুৎ বিভাগৰ বিষয়াক ভুক্তভোগী গ্ৰাহকে অতিৰিক্ত বিদ্যুৎ বিল প্ৰেৰণ সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও গুৰুত্ব নিদিয়াত ক্ষুণ্ণ হৈ লালিম ছিগাৰ গ্ৰাহকে ঘেৰাও কৰিছে বিদ্যুৎ বিভাগৰ কাৰ্যালয়। প্ৰতিবাদী লোকসকলে আমগুৰি বিদ্যুৎ বিভাগ মুৰ্দাবাদ, আমগুৰি বিদ্যুৎ বিষয়া গ' বেক, শক্তিমন্ত্ৰী মুৰ্দাবাদ, গ্ৰাহকৰ বিদ্যু্ৎ বিল হ্ৰাস কৰক ধ্বনিৰে উত্তাল কৰি তোলে।  

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।