আমগুৰিৰ ৰূপহীমুখত বানাক্ৰান্তৰ আৰ্তনাদ

 07/16/2019 - 15:17

আমগুৰিঃ আমগুৰিৰ ৰূপহীমুখত বানাক্ৰান্তৰ আৰ্তনাদ। ৰূপহীমুখত ব্ৰহ্মপুত্ৰ বানে বহু পৰিয়ালৰ বাসগৃহ তচনচ কৰাৰ ফলত আশ্ৰয় বিচাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰূপহীমুখত ব্ৰহ্মপুত্ৰ বান কমিছে যদিও যাতায়াত ব্যৱস্থা বিচ্চিন্ন হৈ আছে। বৃহত্তৰ অঞ্চলটোৰ নব্বৈ শতাংশ পৰিয়ালৰে বাসগৃহ ক্ষতিসাধন কৰিলে ব্ৰহ্মপুত্ৰ বানে।

ৰূপহীমুখৰ সেন্দুৰী কলিতা, প্ৰফুল্ল কলিতা, ৰোষেশ্বৰ কলিতা, যজ্ঞোৰাম কলিতা, মোহিনী কলিতা, প্ৰফুল্ল শইকীয়া, নিৰ্মল কলিতা, নোমল কলিতা, অনিল কলিতা, টাটু কলিতাকে ধৰি ৯০ শতাংশ পৰিয়াল সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্থ হৈছে। বৰ্তমানলৈকে ক্ষতিগ্ৰস্ত লোকসকলে জিলা প্ৰশাসনৰ পৰা পৰ্যাপ্ত সুবিধা লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।  

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।