যোগীঘোপাত বানৰ বিভীষিকাত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু

 07/16/2019 - 16:47

যোগীঘোপাঃ ৰাজ্যজুৰি অব্যাহত আছে বানৰ বিভীষিকা। কি উজনি, কি নামনি সকলোতে এতিয়া কেৱল বানৰ বিভীষিকা। ৰাজ্যৰ এই সংহাৰী বানত নিতৌ এজনৰ পিচত এজনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোগীঘোপাতো সংহাৰী ৰূপ ধাৰণ কৰিছে বানে । ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ ক্ৰমে আই, মানাহ আৰু চম্পাৱতী নৈৰ বাঢ়নী পানীয়ে প্ৰতিদিনে অঞ্চলটোৰ ন-ন এলেকা বুৰাই পেলোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ এনে বিভীষিকাময় পৰিস্থিতিৰ মাজতে আজি পুৱাৰ ভাগত বানাক্ৰান্ত এজন লোকে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লব লগা হৈছে।

বানে বুৰাই পেলোৱা যোগীঘোপাৰ কাবাইটাৰী পঞ্চম খণ্ডৰ নবিউল হক নামৰ ২৮ বছৰীয়া যুৱকজনে বিদ্যুুৎস্পৃষ্ট হৈ শোকাৱহভাৱে প্ৰাণ হেৰুৱায়। জানিব পৰা মতে, আজি পুৱাৰ ভাগত নবিউলৰ বাসগৃহটো হঠাৎ জলমগ্ন হৈ পৰাত যুৱকজনে ঘৰৰ আন বয়বস্তু বোৰৰ লগতে ইনভাৰ্টাৰটো নিৰাপদ স্থানলৈ নিয়াৰ চেষ্টা কৰোতে যুৱকজন বিদ্যুৎস্পৃষ্ট হয়। লগে লগে পৰিয়ালৰ লোকে আহত যুৱকজনক চলন্তাপাৰা স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে। এই ঘটনাক কেন্দ্ৰ কৰি গাঁওখনত এক চেপা উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হয়। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি একাংশ লোকে অভিযোগ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।