ৰহা: ৰহাৰ সমীপৰ চাপৰমুখৰ মাৰোৱাৰীপট্টী নিবাসী বাপন শীল আৰু কৰবী শীলৰ ৪বছৰীয়া কণমানি পুত্ৰ ডেভিদ শীল জটিল ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। জানিব পৰা মতে চাপৰমুখৰ গীতা দেবী হানচাৰিয়া স্মৃতি শংকৰদেৱ শিশু নিকেতনৰ অংকুৰ শ্ৰেণীৰ ছাত্ৰ ডেভিদ কেইদিনমান পুৰ্বে জ্বৰ আৰু জন্ডিছ ৰোগত আক্ৰান্ত হোৱাত পিতৃ মাতৃয়ে পোনতে জাগীৰোডলৈ নি শিশু চিকিৎসকক দেখুওৱাত চিকিৎসকে পৰীক্ষা কৰি ঔষধ পাতি দিয়ে যদিও শিশুটিৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নোহোৱাত পুনৰ পিতৃ মাতৃয়ে গুৱাহাটীৰ চিকিৎসকৰ ওচৰ চাপে। গুৱাহাটীত চিকিৎসকে বিভিন্ন পৰীক্ষা কৰাৰ অন্তত শিশুটিৰ তেজৰ কৰ্কট ৰোগ ধৰা পৰে আৰু চিকিৎসকে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত ভৰ্ত্তি কৰোৱাৰ বাবে পৰামৰ্শ দিয়ে।
কিন্ত টেম্প চলাই কোনো মতে পৰিয়ালটো পোহপাল দি থকা পিতৃ বাপন শীলে পুত্ৰক চিকিৎসা কৰিব কেনেকৈ। নিজেও লিভাৰজনিত ৰোগত আক্ৰান্ত হৈও যেনে তেনেহে পেটৰ ভাতমুঠি ওলিয়াই থকা পিতৃয়ে এতিয়া পুত্ৰৰ চিকিৎসাৰ কথা চিন্তা কৰি হাহাকাৰ কৰিছে। সদায় হাহি মাতি থকা কণমানি পুত্ৰৰ এনে অৱস্থাত এতিয়া একপ্ৰকাৰ দিশহাৰা হৈ পৰা দুৰ্ভগীয়া পিতৃ মাতৃয়ে উপায়বিহীন হৈ একমাত্ৰ পুত্ৰ মৰমৰ ডেভিদক ঘৰলৈ আনি শীঘ্ৰেই উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ বাবে চিন্তা কৰিছে। কিন্ত ইয়াৰ বাবে প্ৰয়োজন যথেষ্ট ধনৰ।
নিজ পুত্ৰৰ বাবে ঘৰৰ বাকী থকা সামান্য সা সম্পত্তি আৰু মাকৰ গহণা পাতি সকলো বিক্ৰী কৰিবৰ বাবে সাজু হোৱাৰ লগতে পিতৃ মাতৃয়ে ধাৰ ঋণ কৰি কিছু ধনৰ যোগাৰ কৰিছে যদিও পুত্ৰৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধনৰ যোগাৰ কৰিব নোৱাৰি এতিয়া ৰাইজ দল সংগঠনৰ সহায় বিচাৰিছে। পিতৃ মাতৃৰ আশা ৰাইজ সহৃদয় ব্যক্তিৰ সহায় সহযোগত পুনৰ ডেভিদৰ মুখত হাহি বিৰিঙি উঠিব।কোনো সদাশয় ব্যক্তি অথবা দল সংগঠনে কণমানি ডেভিদক সহায় আগবঢ়াব বিচাৰিলে মবাইল ৮৮৭৬১১৩৩৭১ নম্বৰত যোগাযোগ কৰিব পাৰিব।