লংকাত প্ৰধান শিক্ষকৰ বিৰুদ্ধে মইমতালিৰে স্কুল চলোৱাৰ গুৰুতৰ অভিযোগ

 07/16/2019 - 19:31

লংকাঃ শিক্ষকৰ দৰে পৱিত্ৰ বৃত্তিত জড়িত হৈয়ো মাৰপিটৰ ঘটনাত সাঙোৰ খাই পৰিচে লংকা শিক্ষাখণ্ডৰ এজন প্ৰধান শিক্ষক।লংকা শিক্ষাখণ্ডৰ অন্তৰ্গত "কপিলিপাৰ মুচ্চাবিৰ আলী" প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জাকিৰ হুচেইন তপাদ্দাৰ নামৰ শিক্ষকজনে শিক্ষকতাৰ পৱিত্ৰ বৃত্তিত জড়িত হৈয়ো মাৰপিটৰ দৰে ঘটনাত জড়িতৰ অভিযোগ উঠিছে।

ইতিমধ্যে এইজন মাতব্বৰ শিক্ষকৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত এক গোচৰো ৰুজু হৈছে। বৰ্তমান গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা শিক্ষক জাকিৰ হুচেইনৰ বিৰুদ্ধে আন বহু অভিযোগো আছে। বিদ্যালয়ত নিজে অনুপস্থিত থাকি পৰিয়ালৰ লোকৰ দ্বাৰা পাঠদান কৰাই, ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক দেখুৱাই মধ্যাহ্ন ভোজনৰ ধন আত্মাসাৎ কৰাকে ধৰি মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰীৰো অভিযোগ আছে। এইক্ষেত্ৰত সংশ্লিষ্ট শিক্ষাখণ্ডটোৰ বিষয়াগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।