উত্তৰ গুৱাহাটী-আমিনগাঁও-লেঙাত বান পৰিস্থিতি জটিল

 07/16/2019 - 19:54

উত্তৰ গুৱাহাটীঃ উত্তৰ গুৱাহাটীৰ বান পৰিস্থিতিয়ে ক্ৰমে উদ্বেগজনক ৰূপ লৈছে। নৈ পৰীয়া অঞ্চলত জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে ৰাইজ চৰম আতংকিত হৈ পৰিছে। আজি উত্তৰ গুৱাহাটী আমিনগাঁও সংযোগী পথছোৱাৰ অভয়পুৰ তিনি আলি চকৰ সমীপৰ পথ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত ডুব যায়। সেইদৰে আমিনগাঁৱৰ লথিয়াবাগিছা আৰু মৰিয়াপট্টীৰ বহু ঘৰ বৰ্তমানো পানীৰ তলত। এই অঞ্চলৰ আবাসীসকলৰ অভিযোগ অনুসৰি বৰ্তমানলৈ পোৱা নাই কোনো চৰকাৰী বান সাহায্য। বানপানীৰ মাজত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে আমিনগাঁৱৰ বান পীড়িতসকলে। একেদৰে কলেজ চ'ক মধুপুৰ সংযোগী পথছোৱাত একাঠুৰ অধিক পানী।

শিলসাকো গাৱঁৰ কেইবাটাও পৰিয়ালৰ ঘৰত পানী সোমোৱাত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। উত্তৰ গুৱাহাটীৰ মনিকৰ্ণেশ্বৰ, মধ্যমখণ্ড, মাজগাওঁ, ঘোৰামাৰা, টিলিংগাঁৱৰ ৰাইজ বৰ্তমান বানৰ আতংকত ভূগিছে। নৈ পানীৰে পথাৰ সমূহ ভৰি পৰাত ন ন অঞ্চল বানৰ কবলত পৰাৰ আশংকা কৰা হৈছে। একেদৰে ৰংমহল বৰগড় সুৰক্ষিত যদিও ৰাইজে গড়টোৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিছে। লেঙাৰ মথাউৰিটো সুৰক্ষিত যদিও দুৰ্গাপূজা মণ্ডপ সমীপৰ সৰু বান্ধ এটা ভাঙি পানী সোমোৱাত লেঙা, সাতগাঁৱৰ বহু পৰিয়াল ক্ষতিগ্ৰস্ত হোৱা লগতে খেতিবাতি নষ্ট হোৱাৰ আশংকা কৰা হৈছে।

সেইদৰে কলিতাপাৰা, মান্দাকাটা কামৰূপ জিলাৰ সীমাত অৱস্থিত কুৰুৱা বান পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰিছে। প্ৰশাসন আৰু ইএনডি বিভাগৰ চৰম অবহেলাৰ বাবে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মাথাউৰিবোৰ দুৰ্বল হৈ পৰাত ৰাইজ ক্ষোভিত হৈছে। ব্ৰহ্মপুত্ৰ গুৱাহাটীত বিপদ সীমাৰ উচ্চতা ৪৯ মিটাৰ ৬৮ ছেন্টিমিটাৰ। বৰ্তমান গুৱাহাটীত প্ৰতি ঘন্টাত এক ছেন্টিমিটাৰ কৈ জলস্তৰ বৃদ্ধি হৈছে। বৰ্তমান গুৱাহাটীত ৫১ মিটাৰ ২০ ছেন্টিমিটাৰ জলস্তৰ। এই পৰিমাণ আৰু অধিক বৃদ্ধি হৈ আছে। পানী ক্ৰমাৎ বৃদ্ধি পোৱাত বানে অধিক ভয়াবহ ৰূপ ল’ব বুলি উত্তৰ গুৱাহাটী আমিনগাঁওবাসীয়ে আতংকত দিন কটাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.