ডাষ্টবিনত পৰিণত ১৩৫ বছৰীয়া ঐতিহাসিক কুঁৱা

 07/16/2019 - 20:03

মৰিয়নী: মৰিয়নী নগৰৰ মাজমজিয়াত ১৮৮৫ চনত নিৰ্মিত এটা কুঁৱা। যিটো আজি ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰি আহিছে একাংশ ব্যৱসায়ীয়ে। এই ঐতিহাসিক কুঁৱাতো পৰিস্কাৰ কৰি সংৰক্ষিত কৰাৰ দাবীত মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থাই মৰিয়নীৰ ৰাজহ চক্ৰ বিষয়া মিৰ্জানা হুছেইনক এক স্মাৰক পত্ৰ প্ৰদান কৰে অন্যহাতে যদি চৰকাৰে কোনো ব্যৱস্থা নলয় তেন্তে মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থাই নিজাববীয়াকৈ পৰিস্কাৰ কৰি সংৰক্ষিত কৰিব বুলি জানিব দিয়ে।

মৰিয়নীৰ পৌৰসভাৰ পৌৰপতি চম্ভো পালৰ লগতে ৰেল বিভাগৰ পৰা ঐতিহাসিক কুঁৱাতো সংৰক্ষণৰ বাবে কোনোধৰণৰ ব্যৱস্থা লোৱা দেখা নগ’ল। আজিৰ পৰা প্ৰায় ১০ বছৰ আগলৈকে এই কুঁৱাৰ পানীৰে মৰিয়নীৰ একাংশ লোকে চাহিদা পুৰণ কৰিছিল। ৰাজ্য চৰকাৰৰ পুৰণি কৃতিচিহ্ন সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব দিছে যদিও আজিলৈকে অৱহেলিত ১৮৮৫ চনত বৃটিছৰ আমোলত নিৰ্মিত এইটো ১৩৫ বছৰীয়া কুঁৱা। একাংশ অসাধু ব্যৱসায়ীৰ বাবে ডাষ্টবিনত পৰিণত হৈছে। মৰিয়নীৰ ৰেল বিভাগেঃ ৰেলৰ ভাপ ইঞ্জিনত পানী ভৰাবলৈ কুঁৱাটো খন্দোৱাইছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।