সুদীৰ্ঘ বছৰ ধৰি বিকল হৈ পৰি আছে অসম ৰাজ্যিক পৰিবহন নিগমৰ নগাঁও মাণ্ডলিক কাৰ্যালয়ৰ ১১খন বাছ

 07/16/2019 - 20:11

নগাঁওঃ ভালুকৰ সাঙীত পৰিণত হোৱাৰ উপক্ৰম হৈছে অসম ৰাজ্যিক পৰিবহন নিগমৰ নগাঁও মাণ্ডলিক কাৰ্যালয়টো।চৰকাৰী অৱহেলা, মাণ্ডলিক কাৰ্যালয়টোৰ অধীক্ষককে প্ৰমুখ্যে কৰি বিষয়া-কৰ্মচাৰীসকলৰ কৰ্মস্পৃহা হীনতা, অদক্ষতাৰ বাবেই এসময়ৰ প্ৰাণোচ্ছল মাণ্ডলিক কাৰ্যালয় আৰু আস্থানটো মৰো মৰো অৱস্থালৈ অহা পৰিলক্ষিত হৈছে। বিগত ২০০১ৰ পৰা ২০০৬বৰ্ষ পৰ্যন্ত অসম ৰাজ্যিক পৰিবহন নিগমৰ নগাঁও মাণ্ডলিক কাৰ্যালয়ৰ অধীণত ২৫খন নিগমৰ নিজা যাত্ৰীবাহী বাছ আৰু শতাধিক বেচৰকাৰী যাত্ৰী বাহী বাছৰ চলাচল কৰিছিল।সেই সময়ত নিগমৰ অধীণস্হ কেইবাখনো যাত্ৰীবাহী দুৰণিবতীয়া যাত্ৰীবাহী বাছৰো চলাচল কৰিছিল।কিন্তু সম্প্ৰতি অসম ৰাজ্যিক পৰিবহন নিগমৰ নগাঁও মাণ্ডলিক কাৰ্যালয়ৰ পৰা মাত্ৰ ৮-৯খনহে নিগমৰ নিজা বাছৰ চলাচল অব্যাহত আছে।

অথচ এই মাণ্ডলিক কাৰ্যালয়টোত চৰকাৰে নিযুক্তি দি থৈছে আশী জনৰো অধিক বিভিন্ন বিষয়া-কৰ্মচাৰীক।মাণ্ডলিক কাৰ্যালয়টোৰ পৰা পোৱা তথ্য অনুসৰি, বৰ্তমান নগাঁৱস্হ অসম ৰাজ্যিক পৰিবহন নিগমৰ আস্হানত নিগমৰ নিজা ১৯খন যাত্ৰীবাহী বাছ আছে যদিও ইয়াৰে ১১খনেই সুদীৰ্ঘ বছৰ ধৰি সম্পূৰ্ণ বিকল হৈ পৰি আছে। সম্প্ৰতি মৃত্যুৰে খন গণিছে। বছৰ বছৰ ধৰি মাণ্ডলিক কাৰ্যালয়ৰ চৌহদত ৰ'দে বৰষুনে এই বাহন সমূহ পৰি থকাত এইবোৰ পচিবলৈ ধৰা পৰিলক্ষিত হৈছে।আনহাতে সম্প্ৰতি চলাচল কৰি থকা নিগমৰ নিজা যাত্ৰীবাহী বাছ কেইখনৰো সৰহ সংখ্যকৰেই অৱস্থা মেৰামতি আৰু তত্বাৱধানৰ অভাৱত অতিশয় জৰাজীৰ্ণ হৈ পৰিছে।  ফলত ৰাজ্যৰ দূৰণিবতীয়া বিভিন্ন ঠাইলৈ নিগমৰ এই যাত্ৰীবাহী বাছ সমূহৰ চলাচলত ভীষণ সমস্যাই দেখা দিছে।এক প্ৰকাৰৰ নিয়মীয়া দূৰনীবটীয়া যাত্ৰীবাহী গাড়ীসমুহৰ চলাচল  প্ৰায় স্তব্ধ হৈ পৰিছে।এসময়ত নগাঁও মাণ্ডলিক কাৰ্যালয়ৰ পৰাও নৈশ যাত্ৰীবাহী বাছৰ চলাচল হৈছিল যদিও সেয়াও ইতিমধ্যেই সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে। বিশেষকৈ সক্ষম বাছৰ সংখ্যা পৰ্যাপ্ত নথকাৰ বাবে দূৰনীবটীয়া যাত্ৰীবাসী গাড়ী দুই/তিনিখনৰ ঠাইত এখনহে গাড়ী চলাচল কৰিছে।

যাৰ ফলত একাংশ যাত্ৰীয়ে চৰম সমস্যাৰ সন্মুখীন হ'বলগা হৈছে। ইমানেই নহয় বিভাগীয় কৰ্তৃপক্ষৰ আওকনীয়া মনোভাৱৰ বাবে পৰিবহন নিগমৰ নগাঁও মাণ্ডলিক কাৰ্যালয়ৰ নগাঁওস্থ বাছ আস্থানটোত যাত্ৰী সকলৰ পৰ্যাপ্ত সুবিধা নোহোৱা হৈ পৰিছে। ইয়াৰ ভিতৰত যাত্ৰী সকলৰ বহাৰ বাবে নাই পৰ্যন্ত আসনৰ ব্যৱস্থা।ফলত যাত্ৰী সকলে ঠিয় হৈ অথবা মজিয়াতে বহিব লগীয়া হৈছে।তাৰোপৰি আস্হানটোত নাই পৰ্যাপ্ত প্ৰস্ৰাৱগাৰ,শৌচাগাৰ।শৌচ-প্ৰস্ৰাৱ কৰিব লগীয়া হ'লে যাত্ৰী সকলে আস্হান চৌহদতে থকা এটা শৌচাগাৰ-প্ৰস্ৰাৱগাৰত ধন দিহে শৌচ-প্ৰস্ৰাৱ কৰিব পাৰে।

আনকি ইয়াত  বিশুদ্ধ খোৱা পানীৰো কোনো ব্যৱস্থা নাই ।অসম ৰাজ্যিক পৰিবহন নিগমৰ নগাঁও মাণ্ডলিক কাৰ্যালয়ৰ চৌহদতে এটা প্ৰকাণ্ড ৱৰ্কশ্বপ আছে যদিও সিও বগাহাতীত পৰিণত হৈছে।  একেদৰে পৰিবহন নিগমৰ ধিঙস্থ কাৰ্যালয়টো ভূত বাংলালৈ পৰ্যবসিত হৈছে।ইতিমধ্যে কাৰ্যালয়টো জহিখহি গৈছে। তাত থকা দুখনমান যাত্ৰীবাহী বাছৰ অৱস্থাও তথৈবচ। ইপিনে, কামপুৰ, জখলাবন্ধা, শিলঘাট আদি ঠাইত থকা পৰিবহন নিগমৰ কাৰ্যালয়ৰ কোনো অস্তিত্ব নোহোৱা হৈছে। অৱশ্যে পৰিবহন নিগমৰ অধীনত কেবাখনো বাছ চলি আছে যদিও ইয়াৰ অধিকাংশৰ অৱস্থা মেৰামতিৰ অভাৱতে বিধস্ত হৈ পৰিছে। শেহতীয়াকৈ ৰাজ্যিক পৰিবহন নিগমে কেতবোৰ অত্যাধুনিক যাত্ৰীবাহী বাছৰ ব্যৱস্থা কৰিছে যদিও নগাঁৱত এখনো গাড়ী পাবলৈ নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।