গড়গাওঁ মহাবিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফল সন্তোষজনক

 07/16/2019 - 20:36

নাজিৰাঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয় সমূহৰ ২০১৮-১৯ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়।এই ফলাফলত শিৱসাগৰ জিলা ঐতিহ্যমণ্ডিত গড়গাওঁ মহাবিদ্যালয়ৰ ফলাফল সন্তোষজনক।গড়গাওঁ মহাবিদ্যালয়ৰ এই স্নাতক চূড়ান্ত পৰীক্ষাত কলা,বিজ্ঞান আৰু বাণিজ্য শাখাত মুঠ ২১০গৰাকী ছাত্ৰীয়ে প্ৰথম শ্ৰেণী লাভ কৰি উত্তীৰ্ণ হৈ মহাবিদ্যালয়খনৰ লগতে অঞ্চলটোলৈও গৌৰৱ কঢ়িয়াই আনিছে।

গড়গাওঁ মহাবিদ্যালয়ৰ পৰা কলা শাখাত ১২৪,বিজ্ঞান শাখাত ৮৪, আৰু বাণিজ্য শাখাত ২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম শ্ৰেণী লাভ কৰি উত্তীৰ্ণ হয়।মহাবিদ্যালয়খনৰ কলা শাখাৰ উত্তীৰ্ণ হাৰ ৭৫ শতাংশ,বিজ্ঞান শাখাৰ উত্তীৰ্ণ হাৰ ৬৭ শতাংশ,আৰু বাণিজ্য শাখাৰ উত্তীৰ্ণ হাৰ ৫৩শতাংশ।মন কৰিবলগীয়া যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়ৰ ভিতৰত গড়গাওঁ মহাবিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাত ভূ-তত্ব বিভাগৰ পিণ্টী কোঁ‌ৱৰে স্থান পাবলৈ সক্ষম হয়।গড়গাওঁ মহাবিদ্যালয় এই ফলাফলত মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° সব্যসাচী মহন্তৰ লগতে স্থানীয় ৰাইজেও সন্তুষ্টি প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।